মণিপুৰত প্ৰাক-নিৰ্বাচনী হিংসাত দুজন নিহত

নিৰ্বাচনমুখী মণিপুৰত প্ৰাক-নিৰ্বাচনী হিংসাত্মক ঘটনা। দুজন বিজেপি কৰ্মীক গুলীয়াই হত্যা। মৃত বিজেপি কৰ্মী দুজন আবুজাম জন আৰু আবুজাম টম্বা বলি চিনাক্ত কৰা হৈছে। দেওবাৰে নিশা মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ চামুৰুত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে বিজেপি কৰ্মী দুজনক। ৫৯ বছৰীয়া আবুজাম জনৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ বিপৰিতে আবুজাম টম্বাই চিকিৎসালয়ত মৃত্যুবৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.