মুম্বাইত I.N.D.I.A.ৰ তৃতীয়খন বৈঠক!

মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাদী মিত্ৰজোঁটে আয়োজন কৰিছে এই বৈঠক

নেচনেল ডেস্ক:

শাসকীয় বিজেপি নেতৃত্বাধীন NDAৰ বিৰুদ্ধে কৌশল ৰচনা কৰিবলৈ বৃহস্পতিবাৰে মুম্বাইত অনুষ্ঠিত হ’ব I.N.D.I.A.ৰ তৃতীয়খন বৈঠক। মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাদী মিত্ৰজোঁটে আয়োজন কৰিছে এই বৈঠক। বৃহস্পতিবাৰ আৰু শুকুৰবাৰে মুম্বাইৰ গ্ৰেণ্ড হায়াট হোটেলত অনুষ্ঠিত হ’বলগীয়া বিৰোধী মিত্ৰজোঁটৰ বৈঠকত অংশগ্ৰহণ কৰিব ২৮ টা ৰাজনৈতিক দলৰ ৬৩ গৰাকী প্ৰতিনিধিয়ে। ​কেন্দ্ৰত বিজেপি নেতৃত্বাধীন NDAৰ বিৰুদ্ধে সমাগত দেশৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আহ্বান জনোৱা বৈঠকখন হৈ পৰিছে যথেষ্ঠ গুৰুত্বপূৰ্ণ । বিৰোধী মিত্ৰজোঁটৰ নেতাসকলে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ কৌশলগত পৰিকল্পনাৰ লগতে দলসমূহৰ মাজত আসন ভাগ-বতৰাও নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে। বৈঠকৰ সময়ত I.N.D.I.A.ই নিজৰ প্ৰতীক চিহ্ন উন্মোচন কৰাৰো সম্ভাৱনা আছে।।

You might also like
Leave A Reply

Your email address will not be published.