মুম্বাই বিমানবন্দৰত জব্দ ১৮ কেজি সোণ !

 

নেচনেল ডেস্ক:

মুম্বাইৰ শুল্ক বিভাগৰ বৃহৎ সফল অভিযান। মুম্বাই বিমানবন্দৰত শুল্ক বিভাগে অভিযান চলায় ১৮ কেজি সোণসহ আটক কৰে ৯ গৰাকী বিদেশী মহিলাক।জব্দকৃত সোণখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১০ কোটি টকা বুলি অনুমান কৰা হৈছে।

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কেনিয়া এয়াৰৱেজৰ এখন বিমানত সোণৰ সৈতে মহিলা অহাৰ তথ্য লাভ কৰাত মুম্বাই বিমানবন্দৰত তেওঁলোকৰ লাগেজ তালাচী কৰে। তালাচীত ১৮ কেজি সোণ জব্দ কৰিবলৈ সক্ষম হয় শুল্ক বিভাগে। ধৃত মহিলাকেইগৰাকী আৰ্দো নূৰ, শুক্ৰী ফাৰাহ, কেৰো জামা, হাবিবা উমৰ, এবলা আব্দুলাহী, অনাব মহম্মদ, অনিছা মুবাৰক, ইছনিনা ইউছুফ আৰু জৈনাব মেহমুদ বুলি জানিব পৰা গৈছে ।আটাইকেইগৰাকী অভিযুক্ত কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত।

উল্লেখযোগ্য যে, যোৱা সপ্তাহতো ডি আৰ আইয়ে মুম্বাই বিমানবন্দৰত ১০ কোটি টকাৰ সোণসহ ১৮ গৰাকী বিদেশী মহিলাক গ্ৰেপ্তাৰ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.