গুৱাহাটীৰ কাহিলীপাৰাত দুটাকৈ চুৰিকাণ্ড!

চোৰে দুৱাৰ খুলি ওচৰৰ দুটা ঘৰৰ দুৱাৰৰ তলা ভাঙি নগদ ধন আৰু গহনা লৈ উধাও হয় ঘটনাস্থলীৰ পৰা

নিউজ ডেস্ক:

গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হৈছে দুটাকৈ চুৰিকাণ্ড। মহানগৰীৰ কাহিলীপাৰাৰ নৰকাসুৰ পাহাৰস্থিত ৰাজু শৰ্মা আৰু নীৰেন কোঁৱৰ নামৰ দুজন লোকৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড। শুকুৰবাৰে সন্ধিয়া মহানগৰীৰ কাহিলীপাৰা অঞ্চলত চোৰৰ এটা দলে দুই ঘৰৰ পৰা নগদ ধন আৰু গহনা চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।

সূত্ৰ অনুসৰি, চোৰে দুৱাৰ খুলি ওচৰৰ দুটা ঘৰৰ দুৱাৰৰ তলা ভাঙি নগদ ধন আৰু গহনা লৈ উধাও হয় ঘটনাস্থলীৰ পৰা। ঘৰত গৃহস্থ নথকাৰ সুযোগতে চুৰিকাণ্ড সংঘটিত কৰে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.