ধূমপানৰ বাবে সহপাঠীক নৃশংস হত্যা

নেচনেল ডেস্ক

 

দিল্লীৰ বদৰপুৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা । দুজন সহপাঠী ছাত্ৰই মিলি হত্যা কৰে এজন সমনীয়াক।আৰক্ষীয়ে জনোৱা অনুসৰি ২৭ এপ্ৰিলৰ নিশা এটা নৰ্দমাৰ পৰা বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত এজন নাবালকৰ মৃতদেহ উদ্ধাৰ হৈছিল । ঘটনাস্থলীৰ পৰা তেজৰ দাগ থকা এটা শিলৰ লগতে এখন টাৱেলো উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। নাবালক জনৰ মূৰত একাধিক আঘাতৰ চিন স্পষ্ট আছিল । আৰক্ষীৰ অনুসন্ধানত জানিব পৰা মতে অষ্টম শ্ৰেণীৰ দুই ছাত্ৰই বিদ্যালয়ৰ ভিতৰত ধূমপান কৰা দৃশ্য আন এজন ছাত্ৰই দেখি শিক্ষক সকলক অৱগত কৰাৰ ভাবুকি দিছিল। ইয়াৰ ফলশ্ৰুতিতে ধূমপান কৰি থকা ছাত্ৰ দুজনে মিলি সহপাঠী ছাত্ৰজনক নৃশংসভাৱে হত্যা কৰে । ইফালে নাবালক জনৰ মৃতদেহটো পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পাছতে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি ঘটনাৰে জড়িত থকাৰ সন্দেহত নাবালক দুজনক আটক কৰাত হত্যা কৰাৰ কথা স্বীকাৰ কৰে দুই ছাত্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.