আজি ২৯ এপ্ৰিল

▶️আজি আন্তৰ্জাতিক নৃত্য দিৱস।
▶️১২৩৬ চনৰ আজিৰ দিনটোতেই দিল্লীৰ দাসবংশীয় চুলতান ইলতুৎমিছৰ (সম্পূৰ্ণ নাম ছামছুদ্দিন ইলতুৎমিছ) মৃত্যু হৈছিল।
▶️১৪২৯ চনৰ এই দিনটোতেই ফৰাচী কিশোৰী জোৱান অব আৰ্কৰ নেতৃত্বত ফ্ৰান্সৰ ইংৰাজ আক্ৰমণকাৰীৰ বিৰুদ্ধে জয়লাভ।
▶️১৬৩৯ চনৰ আজিৰ দিনটোতেই দিল্লীত লালকিল্লাৰ নিৰ্মাণ আৰম্ভ। ১৬৪৮ চনৰ ১৩ মে’ত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল।
▶️১৮৪৮ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ চিত্ৰশিল্পী ৰাজা ৰবি বাৰ্মাৰ জন্ম হৈছিল।
▶️১৮৫২ চনৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰসিদ্ধ সামৰ্থকোষ ‘ৰজেটছ থিছ’ৰাছ’ৰ প্ৰথম সংস্কৰণ প্ৰকাশ।
▶️১৮৫৬ চনৰ আজিৰ দিনটোতেই ক্ৰিমিয়াৰ যুদ্ধৰ সামৰণি।১৮৫৪ চনত ইংলেণ্ড,ফ্ৰান্স আৰু তুৰস্কই যুটীয়াভাৱে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।ইতিহাসত এই যুদ্ধ ‘ক্ৰিমিয়াৰ যুদ্ধ’ নামে প্ৰখ্যাত।
▶️১৯৩৬ চনৰ এই দিনটোতেই ভাৰতীয় সংগীত শিল্পী জুবিন মেহতাৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই প্ৰেমিকা ইভা ব্ৰাউনৰ লগত আডলফ হিটলাৰৰ বিৱাহ। উল্লেখযোগ্য যে বিয়াৰ পিছদিনাই ইভা ব্ৰাউনক লৈ হিটলাৰে আত্মহত্যা কৰিছিল।
▶️১৯৭০ চনৰ আজিৰ দিনটোতেই টেনিছ কিংবদন্তি আন্দ্ৰে আগাছীৰ জন্ম হৈছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই বাংলাদেশত ভয়াৱহ ঘূৰ্ণীত ১ লাখ ৩৯ হেজাৰ লোক নিহত হৈছিল। গৃহহীন হৈছিল ১০ নিযুত লোক।
▶️১৯৯১ চনৰ এই দিনটোতেই জৰ্জিয়াত ভয়ংকৰ ভূমিকম্পত শতাধিক লোক নিহত হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই মাৰাঠী মঞ্চ আৰু হিন্দী চলচ্চিত্ৰৰ লগতে সৰু পৰ্দাৰ যশস্বী অভিনেতা ‘মিষ্টাৰ যোগী’ ৰূপে খ্যাত মোহন গোখলেৰ মৃত্যু ঘটিছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই পৰাগ কুমাৰ দাসৰ সম্পাদনাত ‘বুধবাৰ’ৰ প্ৰথম প্ৰকাশ।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই নৱম বিশ্বকাপ ক্ৰিকেটত শ্ৰীলংকাক ৫৩ ৰাণত পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ খিতাপ দখল।।

You might also like
Leave A Reply

Your email address will not be published.