আছাম ৰাইফলছৰ বৃহৎ সফল অভিযান!

আছাম ৰাইফলছে অভিযান চলাই উদ্ধাৰ কৰে এন এছ চি এন(আই এম)ৰ জিম্মাত পনবন্দী হৈ থকা ছয়জন নাগৰিকক

নৰ্থ-ইষ্ট ডেস্ক:

ছাম ৰাইফলছৰ বৃহৎ সফল অভিযান। শুকুৰবাৰে পুৱতি নিশা আছাম ৰাইফলছে ডিমাপুৰত অভিযান চলাই উদ্ধাৰ কৰে এন এছ চি এন(আই এম)ৰ জিম্মাত পনবন্দী হৈ থকা ছয়জন নাগৰিকক । জানিব পৰা মতে যোৱা ১৩ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিলৰ ভিতৰত অপহৰণ কৰা হৈছিল এই ছয়জন লোকক। অপহৃতৰ পৰিয়ালক মুক্তিপণ দাবী কৰিছিল বিদ্ৰোহী সংগঠনটোৱে।

অভিযানকালত অপহৰণৰ সৈতে জড়িত এন এছ চি এন(আই এম)ৰ ৫ জন কেডাৰক সেনাই গ্ৰেপ্তাৰ কৰে। ধৃত কেডাৰকেইজন খেনিটো আছুমী, নেইছন, চি পি এল মুঘাহুটো , চোনপেন্থুং মুৰী আৰু কাটোহো য়েপথো।

উদ্ধাৰ হোৱা পনবন্দী লোককেইজন মুলুতায়ো কেজো, আকিটো চুমি, ৰাজু গুপ্তা , মাণিক দাস, আজগাৰ আলী আৰু হুভিটো চুমি বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.