অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত জেডি(ইউ) নেতা কৈলাশ মাহাতো!

বিহাৰৰ কাটিহাৰৰ বাৰাৰী থানা এলেকাত সংঘটিত হয় এই ঘটনা

নেচনেল ডেস্ক:

চিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত জেডি(ইউ) নেতা কৈলাশ মাহাতো। বিহাৰৰ কাটিহাৰৰ বাৰাৰী থানা এলেকাত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। অচিনাক্ত বাইক আৰোহী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে জেডি(ইউ)ৰ জ্যেষ্ঠ নেতা কৈলাশ মাহাতোক।

জানিব পৰা মতে, বৰাৰী থানা অঞ্চলৰ পূৰবি বাৰি নগৰ পঞ্চায়তৰ ১২ নং ৱাৰ্ডৰ বাসিন্দা ৭০ বছৰীয়া নেতাগৰাকীক ঘৰৰ সমীপতে গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই।নেতাগৰাকীৰ পেট আৰু মূৰত প্ৰায় ৪-৫ ৰাউণ্ড গুলীয়ে আঘাত কৰা বুলি আৰক্ষীয়ে সদৰি কৰিছে। ভূমিকন্দ্ৰীক সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি ঠাৱৰ কৰা হৈছে।জানিব পৰা মতে কিছুদিন পূৰ্বে জেডি(ইউ)ৰ নেতাজনে নিজৰ নিৰাপত্তা বিছাৰি প্ৰশাসনক আৱেদন জনাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.