ৰাজহ চোৰাংচোৱা সংস্থা আৰু শুল্ক বিভাগৰ বৃহৎ সফলতা।

নেচনেল ডেস্ক:

ৰাজহ চোৰাংচোৱা সংস্থা আৰু শুল্ক বিভাগৰ বৃহৎ সফলতা।বৃহস্পতিবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বুজন পৰিমানৰ কোকেইনসহ গ্ৰেপ্তাৰ এজন তাঞ্জানিয়াৰ নাগৰিক। প্ৰায় ১৮ কোটি টকাৰ প্ৰায় এক কিলোগ্ৰাম কোকেইন সৰবৰাহ কৰিবলৈ চেষ্টা কৰোতেই তাঞ্জানিয়াৰ নাগৰিকজনক বিমানবন্দৰত গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলে।

আদিছ আবাবাৰ পৰা অহা তাঞ্জানিয়ান যাত্ৰীজনে এক লিটাৰকৈ তিনিটাকৈ সুৰাৰ বটলত তৰল ৰূপত সৰবৰাহ কৰিছিল কোকেইন। অভিযুক্ত যাত্ৰীজনক তেওঁৰ ব্যক্তিগত সামগ্ৰী পৰীক্ষাৰ বাবে এক্স-ৰে কৰাৰ পিছতে ভিতৰত সন্দেহযুক্ত নিচাযুক্ত দ্ৰব্য থকা তিনিটা বটল উদ্ধাৰ হয়।কোকেইনখিনি মদৰ সৈতে তৰল ৰূপত থকাৰ বাবে এতিয়াও উলিয়াব পৰা নাই বুলি জানিবলৈ দিয়ে তদন্তকাৰী দলে।।

You might also like
Leave A Reply

Your email address will not be published.