এইবাৰ জব্দ ২ কোটিৰ চোৰাং বাদাম!

নিউজ ডেস্ক:

 

চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অসম ৰাইফলছৰ সফল অভিযান। বৃহস্পতিবাৰে মিজোৰামস্থিত ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূব)ৰ অধীনত ২৩ চেক্টৰ অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নে চলোৱা এক অভিযানত উদ্ধাৰ হয় ৩৪২ টা অবৈধ আৰেকা বাদামৰ বেগ। মিজোৰামৰ চাম্ফাই জিলাৰ জোটলাঙত উদ্ধাৰ হয় বাদামৰ বেগকেইটা।এক গোপন সূত্ৰৰ ভিত্তিত চম্ফাইৰ অসম ৰাইফলছ আৰু শুল্ক বিভাগৰ যৌথ অভিযানত উদ্ধাৰ হয় আৰেকা বাদামখিনি। বাদামখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি, ৯১ লাখ ৫২ হাজাৰ টকা বুলি জানিব পৰা গৈছে। পিছত উদ্ধাৰ হোৱা বাদামখিনি চম্ফাইৰ শুল্ক বিভাগক গতাই দিয়ে অভিযানকাৰী দলটোৱে।

You might also like
Leave A Reply

Your email address will not be published.