মৰিগাওঁ উপায়ুক্ত সভাকক্ষত পৃথকে পৃথকে বৈঠক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

আজি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, নিযুক্তি, উদ্যমীতা আৰু পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মৰিগাঁও জিলাত উপস্থিত হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলৰ পৰা জল জীৱন মিচনৰ অধীনত ৰূপায়ন হোৱা আঁচনি সমূহৰ অগ্ৰগতিৰ খতিয়ান লয় আৰু উক্ত আঁচনি সমূহ যাতে ভালদৰে কাৰ্যকৰী কৰা হয় তাৰ প্ৰতি সচেষ্ট হবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলা দক্ষতা সমিতিৰ লগতো পৃথকে অন্য এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ জিলাখনৰ বাবে প্ৰয়োজনীয় আৰু সম্ভাৱনা থকা চাহিদা ভিত্তিত বিভিন্ন উদ্যমী সৃষ্টি তথা কৰ্মসংস্থাপন সৃষ্টিৰে লোকসকলক স্ব-নিয়োজিত কৰাৰ বাবে প্ৰশিক্ষণ দিয়াত গুৰুত্ব দিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে | উক্ত দুখন সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক আৰু অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, মৰিগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত আদিত্য গগৈ, নগাঁও জনস্বাস্থ্য কাৰিকৰী চক্ৰৰ অধীক্ষক অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী মৰিগাঁও আৰু ধিং সংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকল, ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা জিলা দক্ষতা সমিতিৰ সদস্য সচিৱ প্ৰাংশুমান দাস, দক্ষতা বিকাশ অভিযানৰ জিলা প্ৰকল্প বিষয়া অংকুৰ দাস আৰু অন্যান্য সদস্য সকলো উপস্থিত থাকে।।

You might also like
Leave A Reply

Your email address will not be published.