আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নির্বাচনৰ আচৰণ বিধিৰ প্ৰতি লক্ষ্য ৰাখি ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টিতে ষ্টেটিক্ চাৰ্ভেইলেন্স গোট আৰু ফ্লায়িং স্কোৱাড দলৰ অভিযান অব্যাহত আছে। ২২ মার্চ,২০২৪ তাৰিখে যোৰহাট বিধানসভা সমষ্টিত ষ্টেটিক্ চাৰ্ভেইলেন্সৰ ৮ নং গোটে ১ লাখ ৮৭ হাজাৰ টকা জব্দ কৰে৷
উল্লেখ্য যে ২৩ মার্চ,২০২৪ তাৰিখলৈকে যোৰহাট নির্বাচনী জিলাত ষ্টেটিক্ চাৰ্ভেইলেন্স আৰু ফ্লায়িং স্কোৱাড দলৰ অভিযানত সৰ্বমুঠ ১০,৪৪,৫০০ নগদ ধন জব্দ কৰা হয়।
আনহাতে ২৩ মার্চ,২০২৪ তাৰিখলৈকে তিতাবৰ নির্বাচনী জিলাত ষ্টেটিক্ চাৰ্ভেইলেন্স আৰু ফ্লায়িং স্কোৱাড দলৰ অভিযানত মুঠ ৩৩,০০০ নগদ ধন আৰু ৬০ লিটাৰ সুৰা জব্দ কৰা হয়।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like