ভাৰতৰ কে. পদ্মৰাজনে গঢ়িলে বিফলতাৰ অভিলেখ

২৩৮টা নিৰ্বাচনত পৰাজিত হৈ গঢ়িলে অভিলেখ

বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিষয়ত বহুতেই গঢ়ে অভিলেখ। আপুনি বাৰু কিমান আচৰিত অভিলেখৰ কথা শুনিছে? দীঘল চুলি, দীঘল নখ নে দীঘলীয়া টোপনিৰ? কিন্তু ভাৰতৰে এজন ব্যক্তিয়ে গঢ়া অভিলেখৰ কথা জানিলে আচৰিত হ’ব আপুনি। এই ব্যক্তি জনে গঢ়িছে বিফলতাৰ অভিলেখ। বিশ্বৰ ভিতৰতে সৰ্বাধিক বাৰৰ বাবে নিৰ্বাচনত পৰাজিত ব্যক্তি ৰূপে চিহ্নিত হ’ল দক্ষিণ ভাৰতৰ তামিলনাডুৰ মেট্টুৰ চহৰৰ নিবাসী কে. পদ্মৰাজন।

বৰ্তমানলৈ মুঠ ২৩৮ বাৰৰ বাবে বিভিন্ন পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিফল হৈছে কে. পদ্মৰাজন। ৰাইজে “নিৰ্বাচনৰ ৰজা” বুলি অভিহিত কৰা পদ্মৰাজনে ৰাষ্ট্ৰপতিৰ পৰা স্থানীয় নিৰ্বাচনলৈকে নিৰ্বাচনত সমগ্ৰ দেশতে প্ৰতিদ্বন্দিতা কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, মনমোহন সিং আৰু ৰাহুল গান্ধী আদিৰ বিৰুদ্ধেও আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। ৬৫ বছৰীয়া টায়াৰ মেৰামতিদোকানৰ গৰাকী কে পদ্মৰাজনে ১৯৮৮ চনত তামিলনাডুৰ তেওঁৰ গৃহ চহৰ মেট্টুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰম্ভ কৰিছিল। এই বৰ্ষত তেওঁ তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ এখন সংসদীয় আসনত কে. পদ্মৰাজনে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ইমানবোৰ বিফলতাৰ পিছতো পুনৰ ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাক লৈ কে. পদ্মৰাজনে কয় যে, তেওঁ প্ৰমাণ কৰিব বিচাৰে যে এজন সাধাৰণ মানুহে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। তেওঁ লগতে কয় যে, সকলো প্ৰাৰ্থীয়ে নিৰ্বাচনত জয় হ’ব বিচাৰে, কিন্তু তেওঁ নিবিচাৰে। তেওঁ কয় যে মানুহে নিৰ্বাচনত তেওঁলোকৰ মনোনয়ন দিবলৈ সংকোচ কৰে। গতিকে তেওঁ সজাগতা সৃষ্টিৰ বাবে লোকসকলক আদৰ্শ দেখুৱাবলৈ প্ৰতিদ্বন্দ্বিতা কৰে।

কে. পদ্মৰাজনৰ একমাত্ৰ বিজয় হৈছে দেশৰ ৰেকৰ্ডৰ আৰ্কাইভ ‘লিমকা বুক অফ ৰেকৰ্ডছ’ত ভাৰতৰ আটাইতকৈ অসফল প্ৰাৰ্থী হিচাপে স্থান অৰ্জন কৰা। কে. পদ্মৰাজনে কয় যে, বিগত তিনি দশকতকৈও অধিক সময়ত মনোনয়ন মাচুলত তেওঁ হাজাৰ হাজাৰ ডলাৰ খৰচ কৰিছে।

পদ্মৰাজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০১১ চনত, যেতিয়া তেওঁ মেট্টুৰৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৬,২৭৩ টা ভোট লাভ কৰিছিল। তেওঁ টায়াৰ মেৰামতিৰ দোকানৰ গৰাকী হোৱাৰ উপৰিও পদ্মৰাজনে হোমিঅ’পেথিক প্ৰতিকাৰ প্ৰদান কৰে আৰু স্থানীয় সংবাদ মাধ্যমৰ সম্পাদক হিচাপে কাম কৰে।

You might also like
Leave A Reply

Your email address will not be published.