পুনৰ ৪ দিনৰ বাবে EDৰ জিম্মাত কেজৰিৱাল

দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ জিম্মা ৪ দিনলৈ পুনৰ বৃদ্ধি কৰিছে

দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ জিম্মা ৪ দিনলৈ পুনৰ বৃদ্ধি কৰিছে। ২১ মাৰ্চত দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰ সন্দৰ্ভত নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰি কেজৰিৱালক ৭ দিনৰ বাবে নিজৰ জিম্মাত লৈছিল প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)। সেই জিম্মা আজি সমাপ্ত হোৱাত তদন্ত সংস্থাটোৱে পুনৰ দিল্লী সুৰা নীতিৰ গোচৰত আম আদমী পাৰ্টিৰ নেতা কেজৰিৱালক সোধা-পোছা অব্যাহত ৰাখিবলৈ আৰু ৭ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে ৪ দিনৰ বাবেহে ইডিক অনুমতি প্ৰদান কৰে।

আদালতৰ পৰা প্ৰস্থান কৰাৰ মুহুৰ্তত অৰবিন্দ কেজৰিৱালে সাংবাদিকৰ উদ্দেশ্যি কয় যে, ইডিয়ে আপক শেষ কৰিব বিচাৰিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব। কালি সংবাদ মাধ্যমত দিয়া এক পোষ্ট যোগে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে কৈছিল যে, ২৮ তাৰিখৰ শুনানিত কেজৰিৱালে সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত বিভিন্ন তথ্য প্ৰদান কৰাৰ লগতে প্ৰমাণো দাখিল কৰিব।

২১ মাৰ্চত ইডিৰ এটা ১২ জনীয়া দলে অৰবিন্দ কেজৰিৱালৰ বাসগৃহত ২ ঘন্টীয়া অভিযান চলাই নিশা প্ৰায় ৯ বজাত গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। তাৰ পিছতেই সমগ্ৰ দেশজুৰি আম আদমি পাৰ্টী আৰু বিৰোধী ঐক্যৰ সমৰ্থকসকলে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ।
৭ দিনৰ বাবে ইডিৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰাগাৰৰ পৰাই দিল্লীৰ জল মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল নিৰ্দেশনা। নিৰ্দেশনাত তেওঁ কৈছিল যে তেওঁ কাৰাগাৰত থাকিলেও দিল্লীৰ জনতাৰ কোনো কষ্ট হ’ব নালাগে। তেওঁৰ দেহটোহে কাৰাগাৰত আছে তেওঁৰ আত্মা দেশবাসীৰ লগতে আছে।

You might also like
Leave A Reply

Your email address will not be published.