বসন্ত ৰোগ বা “আই” ওলালে অৱলম্বন কৰক সতৰ্কতা

শীতকালৰ শেষৰ ফালে আৰু বসন্ত কালৰ আৰম্ভণিতে নানাধৰণৰ সংক্ৰামক ৰোগৰ আকংশা থাকে

সন্ত ৰোগ বা “আই” ওলালে অৱলম্বন কৰক সতৰ্কতা

শীতকালৰ শেষৰ ফালে আৰু বসন্ত কালৰ আৰম্ভণিতে নানাধৰণৰ সংক্ৰামক ৰোগৰ আকংশা থাকে। বিশেষকৈ অসমত বসন্ত ঋতুৰ কালছোৱাত যিবোৰ ভাইৰাছজনিত বা সংক্ৰামক ৰোগ হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল বসন্ত ৰোগ বা “আই”।
বসন্ত ঋতুত এই ৰোগ বেছিকৈ হয় বাবে ইয়াক বসন্ত ওলোৱা বুলিও কয় l মানুহৰ মাজত এক অন্ধবিস্বাস আছে যে আই মাননি বা আই সকাম পাতিলেই এই বেমাৰ ভাল হয় , সেয়েহে পৰাপক্ষত কোনো লোকে চিকিৎসকৰ কাষ নাচাপে। পৰিস্কাৰ-পৰিচ্ছন্নকৈ থাকিলে এই ৰোগ বিয়পাত বাধা দিয়ে।

আচলতে এই বসন্ত ৰোগ কি ভালকৈ জানো আহকঃ

বসন্ত ৰোগ আচলতে এবিধ স্ংক্ৰামক ৰোগ। এই ৰোগৰ প্ৰতিষেধক ছিটা আছে। চিকিৎসা শাস্ত্ৰত এই ৰোগক Chicken Pox বুলি কোৱা হয়। Vericella Zoster নামৰ এবিধ ভাইৰাছ ৰ দ্বাৰা এই ৰোগ হয় l এই ৰোগ অতিকৈ সংক্ৰামক হয় আৰু সেয়েহে ঘৰৰ এজনৰ হ’লে বাকী সদস্যৰো হোৱা আশংকা বেছি l

লক্ষণসমূহ-

১) এই ৰোগ হ’লে প্ৰথমে দুৰ্বল ,মুৰবিষ আৰু অলপ অলপ জ্বৰ অনুভব হয় ।
২) শৰীৰত সৰু সৰু ফোহাঁ ওলাই আৰু তাত বিষ অনুভব হয়
৩) প্ৰথমে হাত ভৰি আৰু মুখত ওলাই তাৰ পাছত সৰ্বশৰীৰত ওলোৱা দেখা যায় ।
৪) ২-৩ দিনৰ পাছত ফোহাঁবোৰ পকিবলে ধৰে আৰু ৬-৭ দিন মান পাছত লাহে লাহে শুকাবলৈ আৰম্ভ কৰে ।

এই ৰোগত ল’ব লগা সাৱধানতাঃ

বসন্ত ৰোগ হ’লে কিছুমান বিষয়ত সতৰ্কতা অবলম্বন নকৰিলে সমস্যাৰ উদ্ভব হ’ব পাৰে। প্রথম কথা হ’ল এই ৰোগত আক্রান্ত ব্যক্তিয়ে সদায় চাফ-চিকুণ হৈ থাকিব লাগে।

১)স্কুললৈ যোৱা কোনো ল’ৰা-ছোৱালী যদি আক্ৰান্ত হয়, তেতিয়াহ’লে স্কুললৈ যোৱাত বাধা দিয়া উচিত। কিয়নো, এজনৰ পৰা আন এজনলৈ এই বিয়পিব পাৰে।যদিহে কোনো এগৰাকী পৰিয়ালৰ সদস্যই এই ৰোগত আক্ৰান্ত হয়।তেন্তে পৰিয়ালৰ আন সদস্যসকলে সতৰ্কতা অবলম্বন কৰা উচিত। বিশেষকৈ সৰু সৰু ল’ৰা-ছোৱালীয়ে যেন আক্ৰান্ত লোকৰ ওচৰত আহি অধিক সময় নকটায় তাৰ প্রতি সৰ্তক থকা উচিত।

২) এজনৰ পৰা আন এজনলৈ সংক্ৰমিত হোৱাৰ পিছত যেতিয়া গোটেই শৰীৰত ভাইৰাছ বিয়পি পৰে, তেতিয়া তাক কোৱা হয় “ভাইৰেমিয়া”। শিশু এটাৰ জন্মৰ পিছৰ পৰা তিনি বছৰমানলৈকে এই ৰোগ কম পৰিমাণে হোৱা দেখা যায়।কাৰণ এই সময়ত শিশুৱে মাকৰ গাখীৰ খায় আৰু মাকৰ গাখীৰত ৰোগ প্ৰতিৰোধী উপাদান বেছিকৈ থাকে। সেইবুলি পৰিয়ালৰ কোনো সদস্য এই ৰোগত আক্রান্ত হ’লে ওচৰত কথাটো অনুচিত।

৩)এই ৰোগৰ বীজাণু ঘাইকৈ ৰোগীৰ থু-খেকাৰ, হাঁচি, কাঁহ আৰু নাকৰ পৰা নির্গত হোৱা পানীত থাকে। পানী লগা ৰোগ হৈ থাকিলে আক্রান্ত ব্যক্তিৰ পৰা অতি সহজে সংক্ৰমিত হ’ব পাৰে। বসন্ত ওলোৱাৰ কিছুদিনৰ পিছত এইবোৰ শুকাবলৈ ধৰাত বহুতৰে ধাৰণা হয় যে বসন্তৰ ভাইৰাছৰ পৰা মুক্ত হৈছে। দৰাচলতে শুকাই যোৱা বসন্তৰ জোলাৰ চোকোৰাত বীজাণু থাকিব পাৰে। সেইবাবে শুকাই যোৱা চোকোৰাবোৰ য’তে-ত’তে পেলাব নালাগে।

এই ৰোগৰ বিৰুদ্ধে যুঁজ দি চিকিৎসা বিজ্ঞানীসকলে বিশেষ সাফল্য অর্জন কৰিছ যদিও এই ৰোগৰ বীজাণু এতিয়াও সম্পূৰ্ণৰূপে ধ্বংস কৰিব পৰা নাই।

You might also like
Leave A Reply

Your email address will not be published.