আজি ৩০ মাৰ্চ

➡️১৬৬৩ চনত নেৰানেপেৰা জ্বৰত মিৰজুনলাৰ মৃত্যু হয়।
➡️১৮৫৩ চনত চিত্ৰশিল্পী ভিনচেট ভেন গগৰ জন্ম ।
➡️১৯০৮ চনত ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম পৰ্যায়ৰ অভিনেত্ৰী দেৱিকা ৰাণীৰ জন্ম।
➡️১৯২৯ চনৰ ৩০ মাৰ্চত অসমৰ খ্যাতিমান ঔপন্যাসিক কুমাৰ কিশোৰৰ (প্ৰকৃত নাম কিশোৰী মোহন শৰ্মা) জন্ম হয়।
➡️১৯৪৯ চনত জয়পুৰক ৰাজধানী ৰূপে লৈ নতুন ৰাজস্থান ৰাজ্য গঠন।
➡️১৯৬৪ চনত সাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাৰ মৃত্যু হয়।
➡️১৯৯২ চনত সত্যজিৎ ৰায়লৈ ১৯৯১ চনৰ বিশেষ অস্কাৰ বঁটা প্ৰদান।
➡️১৯১২ চনৰ মাৰ্চ মাহতে তেওঁ ‘ভাৰতৰত্ন’ সন্মান লাভ কৰে। ভাৰতৰ চাৰিওটা অসামৰিক সন্মান (পদ্মশ্ৰী,পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰতৰত্ন) লাভ কৰা তেৱেঁই প্ৰথমজন ব্যক্তি।
➡️২০০০ চনত আৱাহন যুগৰ গল্পকাৰ কৃষ্ণ ভূঞাৰ মৃত্যু।
➡️চলচ্চিত্ৰ পৰিচালক শেখখৰ কাপুৰলৈ পদ্মশ্ৰী সন্মান প্ৰদান।
➡️২০০২ চনৰ আজিৰ দিনটোতে ১০১ বছৰ বয়সত ব্ৰিটেইনৰ ৰাণী মাতৃ কুইন এলিজাবেথৰ (প্ৰতৃত নাম এলিজাবেথ বোৱেছ লিয়ন) মৃত্যু হয়।
➡️২০০৭ চনৰ ৩০ মাৰ্চত ভাৰতৰ প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ অনিল কুম্বলেৰ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা।

You might also like
Leave A Reply

Your email address will not be published.