চাইবাৰ অপৰাধীৰ নতুন কৌশল!

PAN CARDৰ অপব্যৱহাৰ কৰি লেনদেন ৪৬ কোটিৰ

পুনি নজনাকৈয়ে যদি আপোনাৰ নামত চলি আছে কোটি টকীয়া কোম্পানী! আপোনাৰ নামৰ বেংক একাউন্টত যদি চলে কোটি টকাৰ লেনদেন! কথা কেইটা শুনি আপুনি নিশ্চয় আচৰিত হৈছে আৰু ভাৱিছে যে আমি কি ক’ব বিচাৰিছো। কিন্তু আপোনাৰ অজ্ঞাতে আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি কোনো অজ্ঞাত লোকে আপোনাৰ নামত কৰি থাকিব পাৰে কোনো অবৈধ ব্যৱসায়। আপুনি বাৰু জানেনে কিমান সুৰক্ষিত আপোনাৰ PAN CARD?

পান কাৰ্ডৰ অপব্যৱহাৰৰ বাবে মধ্য প্ৰদেশৰ গুৱালিয়ৰৰ ২৫ বছৰীয়া এজন ছাত্ৰৰ নামত আহিল আয়কৰ আৰু জি এচ টি বিভাগৰ জাননী। ছাত্ৰ জনৰ অজ্ঞাতে তেওঁৰ পান কাৰ্ড ব্যৱহাৰ কৰি পঞ্জীয়ন কৰা হৈছিল এটা অবৈধ কোম্পানী। সেই কোম্পানীটো মুম্বাই আৰু দিল্লীত ২০২১ চনত কাৰ্যক্ষম হৈ আছিল। কাৰ্যক্ষম হৈ থকা কোম্পানীৱে ছাত্ৰজনৰ নামত বেংক একাউন্ট খুলি কৰিছিল ৪৬ কোটি টকাৰ লেনদেন। সেই লেনদেনৰ বাবে পৰৱৰ্তী সময়ত ছাত্ৰজনৰ নামত আহিল আয়কৰ আৰু জি এচ টি বিভাগৰ জাননী।
আয়কৰ বিভাগৰ পৰা জাননী লাভ কৰাৰ পিছতহে ছাত্ৰজনে তেওঁৰ পান কাৰ্ডৰ অপব্যৱহাৰ হোৱাৰ বিষয়ে জ্ঞাত হয়। গুৱালিয়ৰৰ বাসিন্দা প্ৰমোদ কুমাৰ দাণ্ডোটিয়া নামৰ ছাত্ৰজনে আয়কৰ ৰ পৰা তথ্য পোৱাৰ লগে লগে সংশ্লিষ্ট বিভাগৰ সৈতে এই বিষয়ে জনাই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।
ঘটনা সন্দৰ্ভত গুৱালিয়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চিয়াজ কে এমে কয় যে, যুৱকৰ পৰা এটা আবেদন লাভ কৰা হৈছে। যুৱকজনৰ বেংক একাউণ্টৰ পৰা ৪৬ কোটি টকাতকৈও অধিক পৰিমাণৰ লেনদেন কৰা হৈছে। এই সন্দৰ্ভত নথিপত্ৰসমূহ পৰীক্ষা কৰি বিষয়টোৰ তদন্ত কৰি থকা হৈছে বুলিও তেওঁ জনায়।

You might also like
Leave A Reply

Your email address will not be published.