শুকুৰবাৰৰ কেবিনেটৰ সিদ্ধান্ত সমূহ

শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ-

▶️ জলজীৱন মিছনৰ অধীনত চলিত সৰু-বৰ ২৯,০০০ আঁচনিত ২২,০০০ লোকক ৬,৫০০ টকাকৈ আৰ্থিক অনুদান সহ নিয়োজিত কৰাৰ সিদ্ধান্ত। ইতিমধ্যে কৰ্মৰত অবৈতনিক শ্ৰমিক তথা ভূমিদাতা সকলো এই সিদ্ধান্তৰ আওতালৈ আহিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পুঁজি সমূহ পঞ্চায়ত পৰ্য্যায়লৈ স্থানান্তৰ কৰি পানী যোগান আঁচনি সমূহৰ বৈদ্যুতিক বিল আৰু পৰিশ্ৰমিক টাইড ফাণ্ডৰ পৰা যোগান ধৰা হব।
▶️কিছুদিন পূৰ্বে মাজুলীত সংঘটিত হোৱা শোকবহ নাওঁ দুৰ্ঘটনাত মৃত্যু হোৱা নাওঁবৈছাৰ স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক শিক্ষা বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে, ৰঙাচহী মহাবিদ্যালয়ৰ অধ্যাপিকা স্বৰ্গীয়া পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাসক SCERTত প্ৰবক্তা হিচাপে নিযুক্তি প্ৰদান কৰাৰ সিদ্ধান্ত।
▶️ শ্বহীদ দিৱসৰ দিনটোতে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি ভৱানীপুৰত সৰুপেটাক কেন্দ্ৰস্থল হিচাপে লৈ এক সুকীয়া “ভৱানীপুৰ উন্নয়ন খণ্ড” স্থাপনৰ সিদ্ধান্ত।
▶️গুৱাহাটী পৌৰ নিগম তথা অন্যান্য পৌৰ সভা সমূহৰ মহিলাৰ বাবে সংৰক্ষিত ৫০% ৱাৰ্ড পূৰ্বে প্ৰত্যেক ৫ বছৰে সলনি হোৱাৰ পৰিবৰ্তে এতিয়াৰে পৰা ১০ বছৰলৈকে মহিলাৰ বাবে সংৰক্ষিত হৈ থাকিব।
▶️অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু গুৱাহাটী আই.আই.টি.ৰ বৈজ্ঞানিক প্ৰযুক্তিৰ সংযোগত প্ৰায় ৩০০কোটি টকা ব্যয়েৰে এখন চুপাৰ স্পেচিয়েলিটি হাস্পতাল স্থাপন কৰাৰ বাবে সিদ্ধান্ত।
▶️”আত্মনিৰ্ভৰ অসম” পদক্ষেপৰ অংশস্বৰূপে চৰকাৰী নিবিদাৰ ক্ষেত্ৰত অসমৰ স্থানীয় ক্ষুদ্ৰ আৰু লঘু উদ্যোগী সকলক উদগনি যোগাবলৈ বাহিৰৰ উদ্যোগতকৈ অসমৰ স্থানীয় উদ্যোগে ২০ শতাংশ অধিক মূল্যত হ’লেও অগ্ৰাধিকাৰ লাভ কৰিব।
▶️অসমত উদ্যোগীকৰণ বৃদ্ধি কৰিবলৈ আৰু উদ্যোগ খোলা ব্যৱস্থাৰ সৰলীকৰণৰ বাবে একেজন দায়িত্বশীল বিষয়াৰ পৰাই এক মাহৰ ভিতৰত সকলো বিভাগীয় অনুমোদন লাভ কৰিব।
▶️৮ খন জিলাত ৯ খন মডেল মহিলা কলেজৰ বাবে ২০৭.৫১ কোটি টকাৰ অনুমোদন। এই কলেজ সমূহ সোণাই, চেঙা, বটদ্ৰৱা, পশ্চিম মঙ্গলদৈ, গোলোকগঞ্জ, জলেশ্বৰ, চাপৰ চলকোচা আৰু হাইলাকান্দি আদিত নিৰ্মান হব। ইয়াৰ লগতে আৰু ৬ চৰকাৰী মডেল কলেজৰ বাবে ১০৩.৭৩ কোটি টকাৰ অনুমোদন। এই কলেজ কেইখন বৰচলা, দুমডুমা, চিৰাং, ওদালগুৰি, বাক্সা আৰু মাজুলীত প্ৰতিষ্ঠা কৰা হব।
▶️বঙাইগাঁও, শুৱালকুচি আৰু বিহালিত অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণৰ বাবে ১৬৪.১৫ কোটি টকাৰ অনুমোদন প্ৰদান।।

You might also like
Leave A Reply

Your email address will not be published.