বিজয়ৰ ফচল বুটলি গৃহাভিমুখে কৃষক

নিউজ ডেস্ক-

বিতৰ্কিত তিনি কৃষি আইন বাতিলীকৰণৰ পিছত আজি পুৱাৰে পৰা শতাধিক প্ৰতিবাদকাৰী কৃষকে ট্ৰেক্টৰৰ বৃহৎ কনভয়ত এবছৰতকৈও অধিক সময়ৰ মূৰত নিজ গৃহ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে কৃষকসকলে সিংঘু, টিক্ৰি আৰু গাজীপুৰ সীমান্তৰ ঘাইপথ সমূহত অৱৰোধ প্ৰত্যাহাৰ কৰিছে। তিনি বিতৰ্কিত কৃষি আইন বাতিল আৰু অন্যান্য দাবী পূৰণ সন্দৰ্ভত কেন্দ্ৰৰ লিখিত আশ্বাস উদযাপন কৰিবলৈ কৃষক সকলে ‘বিজয় মাৰ্চ’ উলিয়াই। শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্যৰ (এমএছপি) ওপৰত আইনী গেৰাণ্টিৰ বাবে এখন সমিতি গঠন কৰাৰ আশ্বাসো দিছে কেন্দ্ৰীয় চৰকাৰে। কৃষকসকলে তেওঁলোকৰ ট্ৰেক্টৰবোৰ ৰঙীন পোহৰেৰে সজাই প্ৰতিবাদস্থলীৰ পৰা বিজয়ৰ গীত গাই ঘৰে ঘৰে ওভতনি যাত্ৰা আৰম্ভ কৰে।তদুপৰি বৃদ্ধসকলে তেওঁলোকৰ ৰঙীন পাগুৰিবোৰ প্ৰদৰ্শন কৰি যুৱক সকলৰ সৈতে নাচি বাগি উল্লাস প্ৰদৰ্শন কৰে।
উল্লেখ্য যে, কৃষকসকলে ১১ ডিচেম্বৰৰ দিনটো এতিয়াৰে পৰা ‘বিজয় দিৱস’ ৰূপে উদযাপনৰ সিদ্ধান্ত লোৱা বুলি সদৰি কৰিছে সংযুক্ত কিষাণ মৰ্চাই।।

You might also like
Leave A Reply

Your email address will not be published.