শ্ৰীলংকাৰ জলভাগত মাছ ধৰাৰ অভিযোগত ২৭ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনাৰ!

গ্ৰেপ্তাৰ হোৱা মাছমৰীয়াসকল তামিলনাডুৰ ৰমনাথপুৰমৰ বাসিন্দা

নেচনেল ডেস্ক:

শ্ৰীলংকাৰ জলভাগত মাছ ধৰাৰ অভিযোগত পাঁচখন নাওসহ ২৭ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনাৰ। গ্ৰেপ্তাৰ হোৱা মাছমৰীয়াসকল তামিলনাডুৰ ৰমনাথপুৰমৰ বাসিন্দা। দেওবাৰে মাছমৰীয়াকেইজনে শ্ৰীলংকাৰ জাফনাৰ ডেলফ্ট আৰু কাচচাটিভু দ্বীপপুঞ্জৰ সমীপত মাছ ধৰি আছিল।

ইফালে ৰামনাথপুৰমৰ মাছমৰীয়াসকলে এই ঘটনাৰ বিৰুদ্ধে ঘোষণা কৰিছে অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ। ফলত বন্ধ হৈ পৰিছে প্ৰায় ৭ হাজাৰ মাছমৰীয়াৰ কাম-কাজ। প্ৰতিবাদকাৰী মাছমৰীয়াসকলে বুধবাৰেও তেওঁলোকৰ বিক্ষোভ প্ৰদৰ্শন কৰাৰো সম্ভাৱনা আছে। আনহাতে, দেশখনৰ কেন্দ্ৰীয় মীন ৰাজ্যমন্ত্ৰী এল মুৰুগানে এই সমস্যাৰ কূটনৈতিক সমাধানৰ আশ্বাস দি মাছমৰীয়াসকলক ধৰ্মঘটৰ অন্ত পেলাবলৈ আহ্বান জনাইছে।।

You might also like
Leave A Reply

Your email address will not be published.