শ্ৰীহীন আজি ছয়টা বছৰ

তেওঁৰ মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ স্মৰণ

DIGITAL DESK: লীউডক শ্ৰীহীন কৰি পৰলোকলৈ গুচি যোৱা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ আজি ষষ্ঠতম মৃত্যু বাৰ্ষিকী।২০১৮ চনৰ আজিৰ এই দিনটোতে অকস্মিকভাৱে মৃত্যুক আঁকোৱালি লৈছিল বলিউড কুইন শ্ৰীদেৱীয়ে।মৃত্যুৰ সময়ত শ্ৰীদেৱীৰ বয়স আছিল ৫৪ বছৰ। ভাৰতীয় চলচ্চিত্ৰ জগতত ৰূপ-লাবণ্য আৰু নিজৰ অভিনয় মোহেৰে প্ৰতিষ্ঠিত হোৱা ”প্ৰথম মহিলা ছুপাৰষ্টাৰ” হিচাপে শ্ৰীদেৱীয়ে দৰ্শকৰ পৰা লাভ কৰিছিল বহুতো সমাদৰ । বলীউডত কেৱল অভিনয়ৰে নহয় তেওঁৰ নৃত্যইও মন মুগ্ধ কৰিছিল অগণন চিনেমা প্ৰেমী ৰাইজক।

১৯৬৩ৰ ১৩ আগষ্টত তামিলনাডুত জন্মগ্ৰহণ কৰা শ্ৰীদেৱীৰ সম্পূৰ্ণ নাম আছিল শ্ৰী আম্মা আয়েংগাৰ আয়াপ্পান। পেছাগতভাৱে শ্ৰীদেৱী নামেৰে পৰিচিত, শ্ৰী আম্মা আয়েংগাৰ আয়াপ্পানে তেলেগু, তামিল, হিন্দী, মালয়ালম আৰু কানাড়া ভাষাৰ ছবিত কাম কৰিছিল।মাত্ৰ চাৰি বছৰ বয়সতে ১৯৬৭ চনত তামিল ছবি ‘কন্ধন কৰুণাই’ত প্ৰথম অভিনয় জগতত প্ৰৱেশ কৰিছিল ছুপাৰষ্টাৰ শ্ৰীদেৱীয়ে।আৰু শিশু অৱস্থাতেই এম. এ. থিৰুমুগামৰ ১৯৬৯ চনৰ পৌৰাণিক তামিল ছবি ”থুনাইভানত” মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পাইছিল। তাৰ পিছত আৰু মাত্ৰ ১৩ বছৰ বয়সত ১৯৭৬ চনৰ তামিল ছবি ‘মুণ্ডৰু মুদিচু’ত প্ৰথম মুখ্য অভিনেত্ৰীৰ ভূমিকাত অৱতীৰ্ণ হয়। তেওঁ অতি সোনকালেই দক্ষিণ ভাৰতীয় চিনেমাৰ এগৰাকী আগশাৰীৰ মহিলা তাৰকা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল।

শ্ৰীদেৱী অভিনয় কৰা বলীউডৰ উল্লেখযোগ্য ছবিকেইখন হ’ল ছাডমা, হিম্মাৎৱালা, মাৱালী, কালাকাৰ, ট’ফা, নাগিনা, মাষ্টাৰজী, বলিদান, ছুলতান, ছুহাগান, ৱাটান কে ৰাখৱালে, মিষ্টাৰ ইণ্ডিয়া, ছ’নে পে ছুহাগা, চান্দনী, লামহে, গুৰুদেৱ, গুমৰাহ, আৰ্মী, মেৰি বিবি কী জাৱাব নেহী,লাডলা, জুডাই আদি বহুতো।

২০১২ চনত সুদীৰ্ঘ ১৫ বছৰ বিৰতিৰ পিছত ‘ইংলিছ-ভিংলিছ’ বোলছবিৰ জৰিয়তে আকৌ চলচ্চিত্ৰ জগতলৈ পৰ্দাপন কৰিছিল শ্ৰীদেবীয়ে। তেখেতৰ জীৱনৰ অন্তিমখন ছবি আছিল ২০১৭ চনত মুক্তি লাভ কৰা বোলছবি ‘মম’। ২০১৩ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।শ্ৰীদেৱীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাকে ধৰি চাৰিটা ফিল্মফেয়াৰ বঁটা, তিনিটা ফিল্মফেয়াৰ বঁটা দক্ষিণ, দুটা তামিল নাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, এটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু এটা নন্দী বঁটাও লাভ কৰিছিল।

শ্ৰীদেৱীৰ কেৰিয়াৰ ৫০ বছৰতকৈও অধিক সময় ধৰি বিভিন্ন ধৰণৰ ধাৰাৰ ছবিত অভিনয় কৰিছিল। তেখেতে পৰ্দাৰ বাহিৰত অন্তৰ্মুখী ব্যক্তিত্বৰ বাবে পৰিচিত আছিল, কিন্তু পৰ্দাত প্ৰায়ে শক্তিশালী ইচ্ছাশক্তি থকা মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে। আজি তেখেতৰ মৃত্যুতিথিত NEBharat24 তৰফৰ পৰা সশ্ৰদ্ধৰে সুঁৱৰিছো।

You might also like
Leave A Reply

Your email address will not be published.