এইবাৰ খেলপথাৰত নহয়, ৰাজনীতিৰ পথাৰত খেল খেলিব যুৱৰাজে!

অতিশীঘ্ৰেই ৰাজনীতিত যোগদান কৰিব পাৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে!

তিশীঘ্ৰেই ৰাজনীতিত যোগদান কৰিব পাৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে! কেৱল ৰাজনীতিত যোগদান কৰাই নহয়, ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতাও আগবঢ়াব পাৰে যুৱৰাজে। ২২ গজৰ পৰা দিল্লীলৈ যুৱৰাজৰ এই যাত্ৰাৰ বিষয়ে এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা। প্ৰাপ্ত তথ্য অনুসৰি, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি লোকসভা নিৰ্বাচনৰ আগেয়েই বিজেপিত যোগদানৰ চিন্তা-চৰ্চা কৰিছে যুৱৰাজে। বিজেপিত যোগদান কৰিলেই যুৱৰাজে বৰ্তমান ছানী দেউলে প্ৰতিনিধিত্ব কৰি থকা গুৰুদাসপুৰ সমষ্টিৰ পৰাই লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব বুলিও চৰ্চা চলি আছে।

সাংসদত তাৰকা অভিনেতাগৰাকীৰ দুৰ্বল নেতৃত্বৰ বাবে বৰ্তমান ক্ষুভিত হৈ পৰিছে গুৰুদাসপুৰৰ সমষ্টিবাসী। সেয়েহে তাৰকা অভিনেতাগৰাকীৰ পৰিৱৰ্তে এইবাৰ তাৰকা ক্ৰিকেটাৰগৰাকীক বিজেপিয়ে গুৰুদাসপুৰত প্ৰাৰ্থীত্ব দিয়াৰ সম্ভাৱনা আছে বুলিও চৰ্চা অব্যাহত আছে। উল্লেখনীয় যে, এই সন্দৰ্ভত যুৱৰাজ সিঙে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

You might also like
Leave A Reply

Your email address will not be published.