৩৬ সংখ্যক সৰ্বভাৰতীয় ডাক সাংস্কৃতিক প্ৰতিযোগিতাৰ সামৰণি

অসম ডাক চক্ৰৰ দ্বাৰা আয়োজন এই প্ৰতিযোগিতা

নিউজ ডেস্ক:

যোগাযোগ মন্ত্ৰালয়ৰ অসম চক্ৰৰ ডাক বিভাগৰ দ্বাৰা আয়োজিত ৩৬ সংখ্যক সৰ্বভাৰতীয় ডাক সাংস্কৃতিক প্ৰতিযোগিতাৰ শুক্ৰবাৰে সফল সামৰণি পৰে। শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত।
অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী নিৰোদ বৰুৱা আৰু সন্মানীয় অতিথি হিচাপে বিখ্যাত অভিনেত্ৰী শ্ৰী নিশিতা গোস্বামীয়ে শোভা বঢ়ায়।
যোগাযোগ মন্ত্ৰালয়ৰ অসম চক্ৰৰ ডাক বিভাগৰ দ্বাৰা আয়োজিত ৩৬ সংখ্যক সৰ্বভাৰতীয় ডাক সাংস্কৃতিক প্ৰতিযোগিতাত একক শাস্ত্ৰীয় নৃত্য, মুক অভিনয়, চুটি নাটক, কৰ্ণাটিক বাদ্য সংগীত, কৰ্ণাটিক কণ্ঠ, হিন্দুস্তানী বাদ্য সংগীত, হিন্দুস্তানী কণ্ঠ, দলীয় নৃত্য আদি ৩৮ টা শাখাত  বিভিন্ন প্ৰতিযোগিতা সমূহ  অনুষ্ঠিত হয়। অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে কটন  বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  অধ্যাপক ৰমেশ ডেকা,  মুখ্য অতিথি হিচাপে  বিখ্যাত অভিনেত্ৰী চেতনা দাস আৰু অসম চক্ৰৰ ডাক বিভাগৰ মুখ্য ডাক মাষ্টাৰ জেনেৰেল শ্ৰী সুব্ৰত দাস উপস্থিত থাকে।।

You might also like
Leave A Reply

Your email address will not be published.