সমীৰণ বৰদলৈৰ মৃত্যু

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক তথা অসম আন্দোলনৰ অগ্ৰণী নেতা সমীৰণ বৰদলৈ আৰু নাই। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা বৰদলৈৰ আজি পুৱা ৭:১৫ বজাত যোৰহাটৰ তৰাজান সোণাৰী গাঁৱৰ নিজ বাসভৱনত মৃত্যু ঘটে।মৃত্যুৰ সময়ত ৬৩ বছৰীয়া বৰদলৈয়ে পত্নীসহ ৩ কণ্যাক এৰি থৈ গৈছে।
বৰদলৈৰ মৃত্যু আছু,অসম সাহিত্য সভাকে ধৰি যোৰহাটৰ সকলো অগ্ৰণী অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক গৰাকীৰ প্ৰতি সন্মান জনাই আজিৰে পৰা সভাৰ মুখ্য কাৰ্যালয়কে ধৰি সকলো শাখা কাৰ্যালয়ৰ পতাকা তিনি দিনৰ বাবে অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.