সাম্ভাব্য বিপদত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

সাম্ভাব্য বিপদত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্প। চলিত সপ্তাহৰ আৰম্ভণিতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পৰ ফ্ল’ৰিডাৰ মাৰ-এ-লাগোত তালাচী অভিযান এফ বি আইৰ। তালাচী অভিযানৰ সময়ত এফ বি আইয়ে ১১টা গোপনীয় ৰেকৰ্ডৰ চেট জব্দ কৰে। জব্দকৃত ৰেকৰ্ডৰ চেটত “টপ ছিক্ৰেট/চেন্সিটিভ কম্পাৰ্টমেণ্টেড ইনফৰ্মেচন” হিচাপে চিহ্নিত কিছুমান সামগ্ৰীও আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে ন্যায়াধীশে এফ বি আইক প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ “৪৫ অফিচ” নামৰ ঠাইখিনিৰ লগতে মাৰ-এ-লাগোৰ “অন্য সকলো কোঠা বা অঞ্চল” তদন্ত কৰিবলৈ অনুমোদন জনায় । জানিব পৰা মতে, এই ঠাইসমূহ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ কৰ্মচাৰীসকলে বাকচ আৰু নথি-পত্ৰ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.