হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শুল্ক বিষয়াৰ বৃহৎ সফলতা

ডুবাইৰ পৰা অহা কেৰালাৰ এজন লোকৰ পৰা জব্দ কৰে ১.১ কোটি টকাৰ সোণ

নিউজ ডেস্ক:

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শুল্ক বিষয়াৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে ডুবাইৰ পৰা অহা কেৰালাৰ এজন লোকৰ পৰা জব্দ কৰে ১.১ কোটি টকাৰ সোণ। জব্দ হোৱা সোণখিনি পেষ্টৰ ৰূপত আছিল বুলি শুল্ক বিভাগে জানিবলৈ দিয়ে।

বিষয়াসকলে জনোৱা মতে, পুৱা প্ৰায় ৮ বজাত এমিৰেটছ EK-526 বিমানেৰে ইউ এ ইৰ পৰা অহা কেৰেলাৰ লোকজনক সন্দেহজনক চালচলনৰ বাবে তালাচী লওঁতে উদ্ধাৰ হয় সোণখিনি। অভিযুক্তৰ ট্ৰাউজাৰৰ কঁকালৰ অংশত পেষ্টৰ ৰূপত সোণ উদ্ধাৰ কৰে শুল্ক বিষয়াই। সোণৰ পেষ্টখিনি প্লাষ্টিকৰ কভাৰত মেৰিয়াই ট্ৰাউজাৰৰ চাৰিওফালে আঠা লগাই দিয়া হৈছিল বুলি জানিবলৈ দিয়ে । জব্দ হোৱা সোণৰ পেষ্টখিনিৰ ওজন ১ কিলো ৭৬১ গ্ৰাম।যাৰ মূল্য ১ কোটি, ১০ লাখ, ৬ হাজাৰ,২৫০ টকা। শুল্ক আইন, ১৯৬২ অনুসৰি যাত্ৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.