নেচনেল ডেস্ক :

ধ্য প্ৰদেশৰ ইন্দোৰ চহৰত হৃদয়বিদাৰক ঘটনা । বিবাহস্থলীত বিহপান কৰি আত্মহত্যা দৰাৰ । গুৰুতৰভাৱে অসুস্থ কইনাও । ইন্দোৰ চহৰৰ কানাডিয়া অঞ্চলৰ আৰ্য সমাজ মন্দিৰত বিবাহপাশত আৱদ্ধ হ’বলৈ উপস্থিত হৈছিল দুয়োগৰাকী ।
কিন্তু তাৰ মাজতেই দুয়োগৰাকীৰ মাজত হোৱা এক বাক-বিতণ্ডাৰ সূত্ৰপাততেই ২১ বছৰীয়া দৰাই বিহপান কৰে । ২০ বছৰীয়া কইনাগৰাকীয়ে এই কথা গম পাই নিজেও অৱশিষ্ট বিহপান কৰি অসুস্থ হৈ পৰে । দুয়োকে তৎক্ষণাৎ নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে ইতিমধ্যে দৰাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে । অৱশিষ্ট বিহখিনি পান কৰিলেও পৰিমাণ অধিক হোৱাৰ বাবে কইনাগৰাকীৰো অৱস্থা সংকটজনক বুলি উল্লেখ কৰিছে আৰক্ষীয়ে । ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

You might also like
Leave A Reply

Your email address will not be published.