আজি ১৯ মে’

▶️১৫৩৫ চনৰ আজিৰ দিনটোতেই ব্যভিচাৰৰ অভিযোগত অভিযুক্ত ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ পত্নী কেথৰিনৰ শিৰচ্ছেদ।
▶️১৮৯০ চনৰ আজিৰ দিনটোতেই ভিয়েটনাম কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা তথা উত্তৰ ভিয়েটনামৰ প্ৰথম ৰাষ্ট্ৰপতি হো-চি-মিনৰ জন্ম হৈছিল। ১৯৪৫ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ উত্তৰ ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯০৪ চনৰ এই দিনটোতেই টাটা আইৰন এণ্ড ষ্টীল কোম্পানীৰ প্ৰতিষ্ঠাপক জামছেদজী এন টাটাৰ মৃত্যু ঘটিছিল।
▶️১৯১৩ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্ম হৈছিল।
▶️১৯৪০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ শ্ৰমিক সংগঠন ‘ৰাষ্ট্ৰীয় মিল মজদুৰ সংঘ’ৰ প্ৰতিষ্ঠা।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই মংগল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান ‘মাৰ্চ-২’ৰ উৎক্ষেপণ।
▶️১৯৮২ চনৰ এই দিনটোতেই পশ্চিমবংগ,হাৰিয়ানা,হিমাচল প্ৰদেশ আৰু কেৰালা বিধানসভাৰ নিৰ্বাচন সম্পন্ন।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই ১৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ চৰ্দাৰ সৰোবৰ প্ৰকল্পত তদানীন্তন প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ অনুমোদন।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই দশম লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্ন। ২০ কোটি ভোটাৰৰ ভোটদান।
▶️১৯৯৫ চনৰ আজিৰ দিনটোতেই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা নাৰায়ণ দত্ত তিৱাৰীক ছবছৰৰ বাবে বহিস্কাৰ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই কাৰ্গিল আৰু ড্ৰাছত ৪০০ পাক অনুপ্ৰৱেশকাৰী সেনাক ভাৰতীয় সেনাৰ সীমান্তৰ পৰা বহিস্কাৰ।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই তৰুণ গগৈৰ অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ।।

You might also like
Leave A Reply

Your email address will not be published.