ৰাছিয়াৰ বিৰুদ্ধে ব্ৰিটেইনৰ নিষেধাজ্ঞা জাৰিৰ ঘোষণা।

ইণ্টাৰনেচনেল ডেস্ক:

ৰাছিয়াৰ বিৰুদ্ধে ব্ৰিটেইনৰ নিষেধাজ্ঞা জাৰিৰ ঘোষণা। ইউক্ৰেইনৰ সমৰ্থনত ৰাছিয়াৰ হীৰাৰ লগতে তাম, এলুমিনিয়াম আৰু নিকেলকে ধৰি একাধিক ধাতু আমদানি কৰাত নিষেধাজ্ঞা ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে। সুনাক চৰকাৰে এক বিবৃতি যোগে প্ৰকাশ কৰিছে এই খবৰ।

ব্ৰিটেইনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সামৰিক ঔদ্যোগিক কমপ্লেক্সৰ অতিৰিক্ত ৮৬ জন লোক আৰু কোম্পানীসমূহকো লক্ষ্য কৰি লৈছে এই নিষেধাজ্ঞাৰ। ইয়াৰ উপৰিও শক্তি, ধাতু আৰু জাহাজ উদ্যোগৰ সৈতে জড়িত কোম্পানীসমূহকো নিষেধাজ্ঞা জাৰি কৰাৰ লক্ষ্য কৰি লৈছে। এই নিষেধাজ্ঞাৰ প্ৰভাৱ সক্ৰিয়ভাৱে ৰাছিয়াক সমৰ্থন কৰা দেশসমূহৰ ওপৰতো পৰিব বুলি সুনাক চৰকাৰে এক বিবৃতি যোগে প্ৰকাশ কৰিছে ।।

You might also like
Leave A Reply

Your email address will not be published.