হিমাচল প্ৰদেশত ভয়ংকৰ হিমস্খলন!

হিমাচল প্ৰদেশত ভয়ংকৰ হিমস্খলন। ৰোহলীত (টিণ্ডিৰ পৰা কিল্লাৰঅভিমুখে ১০ কিলোমিটাৰ আগতে) লাহৌল আৰু স্পিতি জিলাত সংঘটিত হৈছে এই হিমস্খলন। হিমস্খলনৰ ফলত সম্পূৰ্ণৰূপে অৱৰোধ হৈ পৰিছে পথটো। পথটোত ১৬ খন বাহন আবদ্ধ হৈ পৰিছে ভূমিস্খলনৰ ফলত। খৱৰটো সদৰি কৰে ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই। ইফালে, ভূমিস্খলনৰ বাবে অৱৰোধ কৰা হৈছে কাদু নাল্লাত ২৬ নং ৰাজ্যিক ঘাইপথ । প্ৰায় ৫-৬ খন বাহন আৱদ্ধ হৈ আছে ৰোহলী আৰু কাদু নাল্লাৰ মাজত । ইতিমধ্যে টিণ্ডি পুলিচ চকীৰ পৰা এটা উদ্ধাৰকাৰী দল ততাতৈয়াকৈ উপস্থিত হৈছে ঘটনাস্থলীত। কমেও ১১৯ জন লোকক উদ্ধাৰ কৰি টিণ্ডিলৈ অনা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.