মিজোৰামত উদ্ধাৰ বুজন পৰিমানৰ হেৰ’ইন!

চোৰাং ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে অসম ৰাইফলছৰ বৃহৎ সফলতা। মিজোৰামত উদ্ধাৰ বুজন পৰিমানৰ হেৰ’ইন। জানিব পৰা মতে, মিজোৰামৰ চম্ফাই জিলাৰ টিয়াউ নদীৰ ওচৰত অষ্টম অসম ৰাইফলছৰ সেনাই এটা বৃহৎ অভিযান চলায় উদ্ধাৰ কৰে এই হেৰ’ইনখিনি। সেনাই ৬৬ টা চাবোন কেচত উদ্ধাৰ কৰে প্ৰায় ৭৮০ গ্ৰাম হেৰ’ইন। জব্দকৃত হেৰ’ইনখিনিৰ আনুমানিক বজাৰ মূল্য ৩ কোটি টকাতকৈও অধিক বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.