হেমপ্ৰভা চুতীয়া, হেম চন্দ্ৰ গোস্বামী আৰু ৰামকুইৱাংগবে জেনেক সন্মানীয় পদ্মশ্ৰী বঁটা!

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে বিভিন্ন প্ৰাপকক পদ্ম বঁটা

নিউজ ডেস্ক:

সমৰ হেমপ্ৰভা চুতীয়া, হেম চন্দ্ৰ গোস্বামী আৰু ৰামকুইৱাংগবে জেনেক ২০২৩ বৰ্ষৰ সন্মানীয় পদ্মশ্ৰী বঁটা প্ৰদান। বুধবাৰে সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে বিভিন্ন প্ৰাপকক পদ্ম বঁটা।

অসমৰ পৰা শিল্প, সমাজকৰ্ম আৰু জনসংযোগৰ ক্ষেত্ৰত নিজ নিজ অৱদানৰ স্বীকৃতি স্বৰূপে হেমপ্ৰভা চুতীয়া (শিল্প), হেম চন্দ্ৰ গোস্বামী (শিল্প) আৰু ৰামকুইৱাংগবে জেনে (সামাজিক কাম)ক নিৰ্বাচিত কৰা হয় এই সম্মানৰ বাবে।

উল্লেখযোগ্য যে পদ্ম বঁটা দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক বঁটা তিনিটা শাখাত প্ৰদান কৰা হয়- পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী।

বিভিন্ন শাখা/ কাৰ্য্যকলাপৰ ক্ষেত্ৰত যেনে- শিল্প, সমাজ কাম, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, আৰু অসামৰিক সেৱাত প্ৰদান কৰা হয় এই বঁটা।
‘পদ্ম বিভূষণ’ ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে সন্মানিত কৰা হয়; উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে ‘পদ্মা ভূষণ’ আৰু যিকোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে ‘পদ্মাশ্ৰী’। প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা হয় এই বঁটা ।

২০২৩ বৰ্ষৰ বাবে ৰাষ্ট্ৰপতিয়ে ৬টা পদ্ম বিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটাকে ধৰি ১০৬টা পদ্ম বঁটা প্ৰদানৰ বাবে অনুমোদন জনাইছে।।

You might also like
Leave A Reply

Your email address will not be published.