নেচনেল ডেস্ক:
২৮ কিঃমিঃ খোজ কাঢ়ি কইনা ঘৰত উপস্থিত হ’ল বৰযাত্ৰী। চালকৰ ধৰ্মঘটৰ বাবে বাহনৰ ব্যৱস্থা কৰিব নোৱাৰিলে বৰযাত্ৰীয়ে। এই ঘটনা ওড়িশাৰ ৰায়গাড়াৰ। জানিব পৰা মতে বৃহস্পতিবাৰৰ দিনটোত জিলাখনৰ কল্যাণসিংপুৰ ব্লকৰ সুনাখণ্ডী পঞ্চায়তৰ ২২ বছৰীয়া নৰেশ প্ৰস্কাই নামৰ যুৱকজনৰ দিবালাপাডু গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে ধাৰ্য্য কৰা হৈছিল বিবাহৰ দিন। কিন্তু বিবাহৰ সকলো যা-যোগাৰ হোৱাৰ পাছতো দৰা ঘৰে বৰযাত্ৰীৰ বাবে যোগাৰ কৰিব পৰা নাছিল এখন বাহন। যাৰ বাবে প্ৰায় ২৮ কিঃমিঃ পথ খোজ কাঢ়ি শুকুৰবাৰে পুৱা ৩ বজাত কইনাঘৰত উপস্থিত হয় বৰযাত্ৰী।
পিটিআইৰ খবৰ অনুসৰি দৰাৰ পৰিয়ালৰ এজন সদস্যই জানিবলৈ দিয়া মতে “চালকৰ ধৰ্মঘটৰ বাবে কোনো যাতায়তৰ ব্যৱস্থা নথকাত গোটেই নিশা খোজকাঢ়ি কইনাৰ গাঁওখনত উপস্থিত হয় দৰাপক্ষৰ লোক। তেওঁলোকৰ হাতত আন কোনো বিকল্প নথকাৰ বাবেই পদযাত্ৰাৰে কইনাৰ ঘৰত উপস্থিত হয় বুলি জনায় দৰা ঘৰৰ সদস্যই। দৰা পক্ষৰ মহিলাকে ধৰি আত্মীয়-স্বজন, বন্ধু-বান্ধৱী সকলোৱে খোজ কাঢ়িয়ে কইনা ঘৰলৈ যাত্ৰা কৰে যদিও বিবাহৰ বাবে প্ৰয়োজনীয় সকলো সা-সামগ্ৰী দুচকীয়া বাহনত কইনাৰ ঘৰলৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে শুকুৰবাৰে পুৱা ৩ বজাত কইনাঘৰত দৰাপক্ষ উপস্থিত হোৱাৰ পাছতে সম্পূৰ্ণ ৰীতি-নীতিৰে সম্পন্ন হয় বিয়াখন।।