ভাৰ্চুৱেল মাধ্যমেৰে ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন উদ্বোধন !

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যৌথভাৱে ভাৰ্চুৱেল মাধ্যমেৰে ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন উদ্বোধন কৰে।

নেচনেল ডেস্ক:

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যৌথভাৱে ভাৰ্চুৱেল মাধ্যমেৰে ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন চমুকৈ আইবিএফপি উদ্বোধন কৰে। এই পাইপলাইনৰ দ্বাৰা দুই দেশৰ মাজত সম্পৰ্কৰ নতুন অধ্যায় আৰম্ভ হোৱা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত যুটীয়াভাৱে পেট্ৰ’লিয়াম সামগ্ৰী যোগানৰ বাবে এই পাইপলাইন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। কালি মুকলি কৰা আইবিএফপি হৈছে সীমান্তৰ সিপাৰলৈ দ্বিতীয়টো পাইপ লাইন। এই পাইপ লাইনৰ যোগেদি পশ্চিমবংগৰ দক্ষিণ প্ৰান্তৰ জিলাসমূহে ১ মিলিয়ন মেট্ৰিকটন হাইস্পীড ডিজেল লাভ কৰিব। পাইপ লাইন উদ্বোধন কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দুয়োখন দেশৰ জনতাৰ লাভৰ কাৰনে এনেধৰণৰ প্ৰকল্পৰ কাম অব্যাহত ৰখাৰ আশা প্ৰকাশ কৰে

You might also like
Leave A Reply

Your email address will not be published.