দক্ষিণ আমেৰিকাৰ ইকুৱেডৰত প্ৰকৃতিৰ ৰুদ্ৰৰূপ!

ইণ্টাৰনেচনেল ডেস্ক:

ক্ষিণ আমেৰিকাৰ ইকুৱেডৰত প্ৰকৃতিৰ ৰুদ্ৰৰূপ। শনিবাৰে বিয়লি প্ৰচণ্ড ভূমিকম্পই কঁপালে দেশখনক। ৰিখটাৰ স্কেলত ৬.৮ প্ৰাবল্যত সংঘটিত হয় এই ভূমিকম্প। ভূমিকম্পটোৰ উৎপত্তিস্থল দেশখনৰ দক্ষিণৰ বালাও চহৰৰ ওচৰত আৰু ভূপৃষ্ঠৰ পৰা ৬৫ কিলোমিটাৰতকৈও অধিক গভীৰতাত। ভূমিকম্পৰ ফলত মৃত্যু কমেও ১৩ গৰাকী লোকৰ। ভূমিকম্পৰ ফলত কেইবাটাও সুউচ্চ অট্টালিকা খহি পৰে। ধংসস্তুপৰ তলত বহুতো লোক আবদ্ধ থকাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে মাৰ্কিন ভূতাত্ত্বিক কৰ্তৃপক্ষই।।

You might also like
Leave A Reply

Your email address will not be published.