আজি ১৯ মাৰ্চ

▶️১৮০৯ চনৰ এই দিনটোতেই ৰুছ নাট্যকাৰ,সাহিত্যিক নিকোলাই গগলৰ জন্ম হৈছিল।
▶️১৮১৩ চনৰ আজিৰ দিনটোতেই খ্ৰীষ্টান মিছনেৰী আৰু অভিযাত্ৰী ডেভিদ লিভিংষ্টোনৰ স্কটলেণ্ডত জন্ম হৈছিল।
▶️১৯৭২ চনৰ এই দিনটোতেই ভাৰত আৰু বাংলাদেশৰ মাজত ২৫ বছৰৰ বাবে শান্তি আৰু মৈত্ৰী চুক্তি স্বাক্ষৰিত।
▶️১৯৯৮ চনৰ এই দিনটোতেই অটল বিহাৰী বাজপেয়ী দ্বিতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। ২০০৪ চনৰ ২২ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৮ চনৰ এই দিনটোতেই প্ৰবীণ কমিউনিষ্ট নেতা ,কেৰালাৰ প্ৰথম মুখ্যমন্ত্ৰী ই এম এছ নাম্বুদিৰিপদৰ মৃত্যু হৈছিল।
▶️২০০৬ চনৰ এই দিনটোতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ ৮৩ বছৰ বয়সত মৃত্যু।
▶️২০০৭ চনৰ এই দিনটোতেই পাক ক্ৰিকেট প্ৰশিক্ষক বব উলমাৰক মৃত অৱস্থাত জামাইকাৰ এখন হোটেলত উদ্ধাৰ।।

You might also like
Leave A Reply

Your email address will not be published.