খালিস্তানী নেতা অমৃতপল সিঙক আটক!

পঞ্জাৱ আৰক্ষীয়ে আটক কৰে বিচ্ছিন্নতাবাদী নেতাজনক

নেচনেল ডেস্ক:

খালিস্তানী নেতা তথা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপল সিঙক শনিবাৰে জালন্ধাৰৰ নাকোদাৰ সমীপত আটক। পঞ্জাৱ আৰক্ষীয়ে আটক কৰে বিচ্ছিন্নতাবাদী নেতাজনক। ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ চৰকাৰৰ সৈতে অহৰহ যোগাযোগ ৰাখিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

ইয়াৰ পূৰ্বে বিচ্ছিন্নতাবাদী নেতা অমৃতপল সিঙৰ ৬ গৰাকী সহযোগীক জলন্ধৰত আটক কৰা হৈছিল। আটকাধীন সহযোগীকেইজনক অজ্ঞাত স্থানত সোধা-পোছা কৰা হৈছে বুলি জানিব পৰা গৈছে।

পঞ্জাৱ আৰক্ষীয়ে শ্বাহকোটৰ ওচৰত সিঙৰ শেহতীয়া স্থান বিচাৰি উলিওৱাৰ পিছত আজি পুৱা খালিস্তানী নেতা আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰিবলৈ ৫০ খনতকৈও অধিক আৰক্ষী বাহনে পিছ লৈছিল।

সম্ভাব্য অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱৰ কেইবাখনো জিলাত মোবাইল ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰা হৈছে। কাইলৈ পৰ্যন্ত এই নিষেধাজ্ঞা অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.