মহাৰাষ্ট্ৰত প্ৰকৃতিৰ কালৰূপ!

বৰষুণ আৰু শিলাবৃষ্টিত মৃত্যু পাঁচ গৰাকী লোকৰ

নেচনেল ডেস্ক:

হাৰাষ্ট্ৰত প্ৰকৃতিৰ কালৰূপ!মধ্য মহাৰাষ্ট্ৰৰ মাৰাথৱাড়াত আঠখন জিলাত গড়ে ২.৪ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে নণ্ডেডত সৰ্বাধিক বৰষুণ (৫.৭ মিলিমিটাৰ) হোৱা বুলি জানিব পৰা গৈছে। এই আবতৰীয়া বৰষুণ আৰু শিলাবৃষ্টিত মৃত্যু হয় পাঁচ গৰাকী লোকৰ । আনহাতে ২৩ গৰাকী আহত হৈছে বুলি জানিব পৰা গৈছে। বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত ২২টা ডাঙৰ জীৱ-জন্তুৰ লগতে ৫টা সৰু জীৱ-জন্তুৰো মৃত্যু হৈছে।

ইফালে অঞ্চলটোত প্ৰায় ৪,৯৫০ হেক্টৰ ভূমিত শস্যৰ ক্ষতিসাধন হয় বুলি স্থানীয় প্ৰশাসনে জানিবলৈ দিয়ে।ইয়াৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা দুখন হৈছে নণ্ডেড আৰু ঔৰংগাবাদ । দুয়োখন জিলাতে ক্ৰমে ৪,৭৯৪ হেক্টৰ আৰু ১৫২.৪৪ হেক্টৰ ভূমিত শষ্য বিনষ্ট হয়।।

You might also like
Leave A Reply

Your email address will not be published.