সন্ধান ওলাল অপহৃত দুই শিশুৰ

বিহাৰত উদ্ধাৰ কৰা হৈছে অসমৰ পৰা অপহৃত শিশু দুটিক

নিউজ ডেস্ক:

ৱশেষত উদ্ধাৰ হ’ল গুৱাহাটীৰ পৰা অপহৃত দুই শিশু। বিহাৰত উদ্ধাৰ কৰা হৈছে অসমৰ পৰা অপহৃত শিশু দুটিক। বিহাৰৰ বৈশালীৰ মাহুৱাৰ পৰা উদ্ধাৰ অজিৎ কুমাৰ আৰু বিবেক কুমাৰ নামৰ শিশু দুটি। বৃহস্পতিবাৰে মহানগৰীৰ গোটানগৰৰ পৰা অপহৰণ কৰা হৈছিল শিশু দুটিক। ঘৰৰ সমুখত খেলি থকা অৱস্থাতে এখন চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তই অপহৰণ কৰিছিল শিশু দুটিক।

জানিব পৰা মতে সুধীৰ কুমাৰ ওৰফে চাজন, ৰাহুল আৰু আন এজন সহযোগীয়ে অপহৰণ কৰিছিল শিশু দুটিক। ৩ দুৰ্বৃত্তই ঘৰৰ সন্মুখৰ পৰা ফুচুলাই গাড়ীত লৈ গৈছিল শিশু দুটিক। এই ঘটনাৰ পাছতে শিশু দুটিৰ অভিভাৱকে বিহাৰৰ কোনো লোকে শিশু দুটিক অপৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰি অপহৰণকাৰী সুধীৰ কুমাৰ ওৰফে চাজনে শুকুৰবাৰে ফোনযোগে ৫ লাখ টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। শিশু দুটিৰ অভিভাৱকে আৰক্ষীক দিয়া ভাষ্যৰ আঁত ধৰি অসম আৰক্ষীয়ে বিহাৰত চলোৱা অভিযানত উদ্ধাৰ হয় শিশু দুটি। অপহৰণকাৰী সুধীৰ কুমাৰৰ ঘৰৰ পৰা বিহাৰ আৰক্ষীৰ সহযোগত শিশু দুটিক উদ্ধাৰ কৰে আৰক্ষীয়ে। অপহৃত শিশু দুটিক আৰক্ষীয়ে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই তিনি অপহৰণকাৰীক।

উল্লেখ্য যে পূৰ্বে শিশু দুটিৰ পিতৃ মদন ৰয়ৰ গাড়ী চালক হিচাপে আছিল অপহৰণকাৰী সুধীৰ কুমাৰ ওৰফে চাজন। অভিযুক্ত সুধীৰে কি কাৰণে এই অপহৰণ কাণ্ড সংঘটিত কৰিছিল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।।

You might also like
Leave A Reply

Your email address will not be published.