মিজোৰামত আটক বাংলাদেশী উগ্ৰপন্থী!

ধৃত উগ্ৰপন্থী ২৯ বছৰীয়া ফালিয়ানছাং বাউম বুলি জানিব পৰা গৈছে।

নৰ্থ-ইষ্ট ডেস্ক:

মিজোৰামত আটক বাংলাদেশী উগ্ৰপন্থী! আছাম ৰাইফলছে গ্ৰেপ্তাৰ কৰে বাংলাদেশৰ বিদ্ৰোহী সংগঠন কুকি-চিন নেচনেল আৰ্মি (কেচিএনএ)ৰ এজন উগ্ৰপন্থীক। ধৃত উগ্ৰপন্থী ২৯ বছৰীয়া ফালিয়ানছাং বাউম বুলি জানিব পৰা গৈছে। উগ্ৰপন্থীজনে কিছুদিন বুংটলাং গাঁৱৰ এটা ঘৰত থকা বুলি জানিব পৰা গৈছে। এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে আছাম ৰাইফলছৰ জোৱানে ঘৰটোত অভিযান চলাই গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থীজনক । পিছত উগ্ৰপন্থীজনক ৰাজ্যখনৰ আৰক্ষীক গতাই দিয়ে। ইয়াৰ পূৰ্বে ১০ মাৰ্চত আছাম ৰাইফলছে একেখন জিলাৰ হমুন্নুৱাম গাঁৱত আটক কৰিছিল কেচিএনএৰ আন এজন উগ্ৰপন্থীক।

কেচিএনএ আৰু বাংলাদেশ সেনাৰ সংঘৰ্ষথলীৰ পৰা পলায়ন কৰি দেশখনৰ চিট্টগং হিল ট্ৰেক্টছৰ ৫০০ৰো অধিক লোকে আশ্ৰয় লৈছে মিজোৰামৰ লংটলাই জিলাত । মিজোসকলৰ সৈতে জাতিগত সম্পৰ্ক থকা কুকি-চিন শৰণাৰ্থীৰ প্ৰথমটো গোটে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত মিজোৰামত প্ৰৱেশ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.