তামিলনাডুৰ তিৰুচিত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত শিশুসহ ৬ গৰাকী লোক নিহত

নেচনেল ডেস্ক:

দেওবাৰে পুৱা তামিলনাডুৰ তিৰুচিত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন মিনিভেন আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় শিশুসহ ৬ গৰাকী লোক । শিশুটিৰ উপৰিও মৃত লোকসকলৰ ভিতৰত এগৰাকী মহিলাও আছে। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মিনিভেনখনত থকা আন তিনিগৰাকী লোক।আহতসকলক সংকটজনক অৱস্থাত তিৰুচি চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.