যৌন নিৰ্যাতনৰ তথ্য বিচাৰি ৰাহুল গান্ধীৰ ঘৰত পুলিচ!

নিউজ ডেস্ক:

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বাসগৃহত আজি দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত সাগৰ প্ৰীত হোডাৰ নেতৃত্বত এটা দল উপস্থিত হয় । ৰাহুল গান্ধীয়ে নেতৃত্ব বহন কৰা কংগ্ৰেছ দলৰ ‘ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত নেতা গৰাকীয়ে কৰা এক মন্তব্যক কেন্দ্ৰ কৰি আজি তেওঁৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ দলটো । ভাৰত জোড়ো যাত্ৰাৰ মাজতে যোৱা ৩০ জানুৱাৰীত কাশ্মীৰত ৰাহুল গান্ধীয়ে “মহিলাক এতিয়াও যৌন নিৰ্যাতন চলোৱা হয়” বুলি এক মন্তব্য কৰিছিল । ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ তথ্য বিচাৰি আজি দিল্লী আৰক্ষীৰ দলতো তেওঁৰ বাসগৃহত উপস্থিত হয়।
উল্লেখ্য যে যোৱা ১৬ মাৰ্চত কংগ্ৰেছ নেতাগৰাকীলৈ দিল্লী আৰক্ষীয়ে এক জাননী প্ৰেৰণ কৰি যৌন নিৰ্যাতন সন্দৰ্ভত তেওঁক অবগত কৰা মহিলাসকলৰ তথ্য বচাৰিছিল,যাতে সেই মহিলাসকলক প্ৰশাসনে সুৰক্ষা দিব পাৰে । আৰক্ষীৰ ভাষ্য অনুসৰি ৰাহুলে ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ নিজৰ অভিজ্ঞতাৰ দোহাই দি অবতাৰনা কৰিছিল এগৰাকী ধৰ্ষণৰ বলি যুৱতীৰ প্ৰসংগ। কংগ্ৰেছ নেতাজনে এই সম্পৰ্কে পুলিচক খবৰ দিব খোজাত যুৱতীগৰাকীয়ে লাজ পোৱাৰ শংকাত তেওঁক বাধা দিয়াৰ বিষয়েও উল্লেখ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.