বিপদত পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰাণ খান!

ইমৰান খানৰ সমৰ্থকসকলৰ পৰা AK17 আৰু পেট্ৰ’ল বোমাকে ধৰি ভালেসংখ্যক মাৰাত্মক অস্ত্ৰ উদ্ধাৰ

ইণ্টাৰনেচনেল ডেস্ক:

বিপদত পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনছাফ দলৰ মুৰব্বী ইমৰাণ খান। কোষাগাৰ কেলেংকাৰীৰ গোচৰৰ বাবে আদালতলৈ যোৱাৰ পিছত আৰক্ষীয়ে তেওঁৰ ঘৰত তালাচী চলোৱাৰ এদিন পিছতে তেওঁৰ সমৰ্থকসকল আৰু নিৰাপত্তাৰক্ষীৰ সৈতে সংঘটিত হয় ব্যাপক সংঘৰ্ষ। সংঘৰ্ষৰ ফলত আহত হয় কেইবাজনো পিটিআই সমৰ্থক আৰু আৰক্ষী জোৱান । প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ সমৰ্থকসকলৰ পৰা AK17 আৰু পেট্ৰ’ল বোমাকে ধৰি ভালেসংখ্যক মাৰাত্মক অস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে তেওঁৰ সমৰ্থকসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

পিটিআইৰ মুৰব্বী প্ৰমুখ্যে বহুকেইজন দলীয় নেতাৰ বিৰুদ্ধে আৰক্ষী বিষয়াক আক্ৰমণ কৰি ফেডাৰেল জুডিচিয়েল কমপ্লেক্স (এফজেচি)ৰ বাহিৰত বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগ। অভিযোগ মতে পিটিআই সমৰ্থকসকলে পেট্ৰ’ল বোমাৰ সমান্তৰালভাৱে আৰক্ষীৰ বাহনত শিলগুটি নিক্ষেপ আৰু অগ্নিসংযোগ কৰিছিল। আৰক্ষী থানা এখনত অগ্নিকাণ্ড আৰু সংঘৰ্ষৰ ফলত আহত হয় ২৫ জনৰো অধিক বিষয়া। ইফালে পিটিআই দলৰ সমৰ্থকৰ পৰা যথেষ্ঠ পৰিমানৰ অস্ত্ৰ জব্দ কৰাৰ পিছতে ইমৰাণ খানৰ দল নিষিদ্ধ কৰাৰ বাবে চৰকাৰে চিন্তা কৰা বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.