বাংলাদেশত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৩০ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

বাংলাদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে ইমাদ পৰিবহনে পৰিচালিত কৰা ঢাকা অভিমুখী যাত্ৰীবাহী বাছখন পুৱা প্ৰায় ৭.৩০ বজাত মাদাৰীপুৰৰ এক্সপ্ৰেছৱে’ত দুৰ্ঘটনাত পতিত হয় । দ্ৰুতবেগী যাত্ৰীবাহী বাছখন খাৱৈত বাগৰি পৰাৰ ফলত ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৩০ গৰাকী লোক। চালকে বাছখনৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হোৱাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে আশংকা ব্যক্ত কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.