আজি ২০ মাৰ্চ

▶️আজি টিউনিছিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৩৫১ চনৰ এই দিনটোতেই মহম্মদ বিন টোগলকৰ মৃত্যু হৈছিল। তেওঁৰ ভতিজাক ফিৰোজ টোগলক শ্বাহৰ আজিৰ দিনটোতেই দিল্লীৰ সিংহাসনত আৰোহণ। তেৱেঁই কুটুব মিনাৰ মেৰামতি কৰাৰ উপৰি বৰ্তমানৰ উচ্চতালৈ (৭১.২৪ মিটাৰ,চিৰি ৩৭৯টা) নিৰ্মাণ কৰিছিল। তেওঁৰ নামেৰেই যমুনা নদীৰ উত্তৰ পূৱত নিৰ্মাণ হয় ফিৰোজাবাদ চহৰ।
▶️১৮২৮ চনৰ এই দিনটোতেই আধুনিক ইউৰোপীয় নাটকৰ পথিকৃৎ নৰৱেৰ হেনৰিক (যোহান) ইবছেনৰ জন্ম হৈছিল।
▶️১৮৯০ চনৰ আজিৰ দিনটোতেই সাহিত্যিক জ্ঞাননাথ বৰাৰ জন্ম হৈছিল।
▶️১৯৯৬ চনৰ এই দিনটোতেই ‘হায়াকুটাক ৯৬’ নামৰ ধূমকেতুটো পৃথিৱীৰ আকাশত দৃশ্যমান হৈছিল। সেই বছৰৰ ২৫ মাৰ্চ পৰ্যন্ত ই দৃশ্যমান হৈ আছিল।
▶️২০০৫ চনৰ এই দিনটোতেই জাপানত প্ৰবল ভূমিকম্পত কেইবাশ লোক নিহত হৈছিল।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.