ভাৰতত উপস্থিত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদা!

জাপানৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় কৌশল আৰু ইয়াৰ প্ৰতিৰক্ষাৰ ওপৰত আলোচনাত মিলিত হ'ব

নেচনেল ডেস্ক:

দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদা। প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ ভ্ৰমণসূচীত দুই দেশৰ মাজত কোনো ধৰণৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত নহয় বুলি জাপানৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰী কিছিদাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ লগতে জাপানৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় কৌশল আৰু ইয়াৰ প্ৰতিৰক্ষাৰ ওপৰত আলোচনাত মিলিত হ’ব। G-7 আৰু G-20 ৰাষ্ট্ৰসমূহৰ মাজত অধিক সহযোগিতাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কাম কৰিবলৈ নতুন দিল্লীলৈ এই চমু ভ্ৰমণ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। লগতে জাপানৰ হিৰোচিমাত অনুষ্ঠিত হ’বলগীয়া G-7 বৈঠকৰ সময়ত ইউক্ৰেইনক কৰা আক্ৰমণৰ বাবে ৰাছিয়াক অধিক কঠোৰ ভাষাৰে সমালোচনা কৰিবলৈ ভাৰতক মান্তি কৰাৰ এক প্ৰচেষ্টা চলোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ভাৰত বিশ্বৰ আটাইতকৈ উন্নত অৰ্থনীতিৰ G-7 ৰ সদস্য নহ’লেও ২০০৮ চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীক কেইবাবাৰো শীৰ্ষ সন্মিলনলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.