কংগো গণৰাজ্যত ইছলামিক ষ্টেটৰ নৰসংহাৰ!

জেহাদীৰ আক্ৰমণত নিহত ৯ গৰাকীকৈ লোক

ইণ্টাৰনেচনেল ডেস্ক:

ফ্ৰিকাৰ কংগো গণৰাজ্যত ইছলামিক ষ্টেটৰ নৰসংহাৰ! শনিবাৰে ইছলামিক ষ্টেটৰ জেহাদীয়ে দেশখনৰ উত্তৰ কিভু প্ৰদেশৰ নুলি গাঁৱত চলায় নৃশংস হত্যাকাণ্ড। জেহাদীৰ আক্ৰমণত নিহত ৯ গৰাকীকৈ লোক। ইছলামিক ষ্টেটৰ জেহাদী গোটৰ এলাইড ডেম’ক্ৰেটিক ফৰ্চেছ (এডিএফ)ৰ মুৰব্বী কাম্বালে কাম্বোছ’ই দাবী কৰিছে এই কথা।

উল্লেখ্য যে, সপ্তাহটোৰ শেষৰ ফালে দেশখনৰ পূব অংশত সংঘটিত হোৱা পৃথক পৃথক আক্ৰমণত ২০ গৰাকীতকৈ অধিক সাধাৰণ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। দেওবাৰে কংগোত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে ইছলামিক ষ্টেট গোটটোৱে।।

You might also like
Leave A Reply

Your email address will not be published.