২৮ মে’ত ৭৫ টকাৰ বিশেষ মুদ্ৰা!

নিউজ ডেস্ক:

তুন সংসদ ভৱনৰ উদ্বোধনী উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ ঘোষণা। প্ৰস্তুত কৰিব ৭৫ টকাৰ এক বিশেষ মুদ্ৰা। নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানতেই মুকলি কৰা হ’ব বিশেষ মুদ্ৰাটো। ঐতিহাসিক পৰিঘটনাৰ তাৎপৰ্য্য বহন কৰাৰ টোকেন হিচাপে চিহ্নত হ’ব মুদ্ৰাটো। ২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নতুন সংসদ ভৱন।

নতুনকৈ মুকলি হ’বলগীয়া ৭৫ টকীয়া মুদ্ৰাটোৰ এটা পিঠিত অশোত স্তম্ভৰ চিহ্ন, সত্যমেৱ জয়তে লিখা থকাৰ বিপৰীতে মুদ্ৰাটোৰ বাঁওফালে দেৱানগৰী লিপিত লিখা থাকিব ‘ভাৰত’। আৰু সোঁফালে ইংৰাজীত লিখা হ’ব ‘ইণ্ডিয়া’। মুদ্ৰাটোত টকাৰ চিহ্নৰ উপৰিও মুদ্ৰাটোৰ আনটো ফালে সংসদ চৌহদৰ এখন ছবি দেখুওৱা হ’ব। মুদ্ৰাটোৰ ওপৰৰ ফালে দেৱনাগৰী লিপিত ‘সংসদ চানকুল’ আৰু তলৰ ফালে ইংৰাজীত লিখা থাকিব সংসদ ‘কমপ্লেক্স’।

উল্লেখ্য যে ৫০ শতাংশ ৰূপ, ৫০ শতাংশ কপাৰ আৰু ৫-৫ শতাংশ নিকল আৰু জিংক ধাতুৰে নিৰ্মিত মুদ্ৰাটোৰ ওজন হ’ব প্ৰায় ৩৫ গ্ৰাম।।

You might also like
Leave A Reply

Your email address will not be published.