কৰ্তব্যনিষ্ঠা, একাগ্ৰতা আৰু সৰ্বোপৰি জনসেৱাৰ মনোভাবেৰে আজীৱন ব্ৰতি এগৰাকী সুদক্ষ অভিযন্তা নোহোৱা হল। যোৱা ৮ আগষ্টৰ নিশা দেহাবসান ঘটিল অসম ৰাজ্যিক লোকনিৰ্মান বিভাগৰ অবসৰপ্ৰাপ্ত সচিব যতীন্দ্ৰ নাথ শৰ্মাৰ। সততে দুৰ্নীতিৰ অভিযোগ বহন কৰি অহা লোকনিৰ্মান বিভাগটোত কৰ্মজীৱনৰ আৰম্ভনিৰে পৰা এক ব্যতিক্ৰমি ব্যক্তিত্ব আছিল প্ৰয়াত শৰ্মা। কৰ্মক্ষেত্ৰত নিকা ভাৱমূৰ্তিৰ বাবেই বিভাগীয় সতীৰ্থৰ মাজতো জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হোৱা সুদক্ষ অভিযন্তা যতীন্দ্ৰ নাথ শৰ্মা সেয়ে সুদীৰ্ঘ কাল ধৰি অসম অভিযান্ত্ৰীক সেৱা সন্থাৰ সাধাৰন সম্পাদক পদত অধিস্থিত আছিল। বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট লেখক প্ৰয়াত দ্বীজেন্দ্ৰ নাথ শৰ্মা আৰু স্বৰ্গীয়া শ্যামা দেৱীৰ চতুৰ্থ পুত্ৰ যতীন্দ্ৰ নাথ শৰ্মাৰ জন্ম পাঠশালাৰ মুগুৰীয়াত যদিও পিতৃৰ কৰ্মসূত্ৰে নগাঁৱৰ বেবেজীয়াত তেওঁৰ বিদ্যাৰম্ভ হয়। পাছত পাঠশালালৈ পুনৰ উভতি আহি বজালী উঃ মাঃ বহুমুখী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা সমাপ্ত কৰি তেওঁ জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লৈ ৰাজ্য চৰকাৰৰ গড়কাপ্তানী তথা বৰ্তমানৰ লোকনিৰ্মান বিভাগত সহকাৰী অভিযন্তা পদত যোগদান কৰে। ১৯৮৬ চনত অসম চৰকাৰৰ অনুমোদনক্ৰমে ৰূৰকী বিশ্ববিদ্যালয় (বৰ্তমানৰ আই আই টি,ৰূৰকী)ৰ ভূঁকম্পন অভিযান্ত্ৰীক বিভাগত নামভৰ্তী কৰি সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী, হাফলং আদি বিভিন্নস্থানত কৰ্মজীৱনৰ অভিজ্ঞতা লৈ ২০১৭ চনত লোকনিৰ্মান বিভাগৰ সচীৱ ৰূপে অবসৰ গ্ৰহন কৰে যতীন্দ্ৰ নাথ শৰ্মাই। নিজৰ কৰ্মস্থলীৰ উপৰিও Institutions of Engineersৰ অসম শাখাৰ সৈতে সুদীৰ্ঘ বছৰ ধৰি ওতঃপ্ৰোত ভাবে জড়িত প্ৰয়াত শৰ্মাই শিলপুখুৰীৰ নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰ, মুগুৰীয়া কালীঘাট, শিৱশক্তি দেৱালয় আদিৰ নিৰ্মানৰ ক্ষেত্ৰত প্ৰভূত বৰঙনী আগবঢ়াই গৈছে। কৰ্মক্ষেত্ৰত দৃষ্টান্তমুলৰ দক্ষতাৰ বাবেই এইগৰাকী সদ্যপ্ৰয়াত অভিযন্তাই অবসৰৰ পূৰ্বে বিভাগীয় মুৰব্বী পদ অলংকৃত কৰিব বুলি সহকৰ্মী সতীৰ্থ সকলৰ আশা আছিল যদিও বিভিন্ন কাৰনত সেয়া সম্ভৱ হৈ নুঠিল। পৰিতাপৰ কথা যে লোকনিৰ্মানৰ দৰে সততে দুৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি এটা বিভাগৰ শীৰ্ষ পদবীত থাকিও সোঁতৰ বিপৰীতে সেৱা আগবঢ়াবলৈ যাওঁতে এইগৰাকী আমোলা অভিযন্তাই কৰ্মক্ষেত্ৰত একাধিক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হৈছিল। আনকি বিভাগীয় ৰোসতো পৰিব লগা হোৱাৰ পাছতো দুৰ্নীতিৰ সৈতে আপোচ নকৰাকৈয়ে চৰকাৰি বিভাগত দৃষ্টান্ত ৰচি থৈ যাবলৈ সক্ষম হল যতীন্দ্ৰ নাথ শৰ্মা। এই গৰাকী নিষ্ঠাবান আমোলা অভিযন্তাৰ মৃত্যুত আজি শোকস্তব্ধ তেওঁৰ পৰিয়ালৰ উপৰি সতীৰ্থ সহকৰ্মী তথা অনুৰাগী মহল।।

You might also like
Leave A Reply

Your email address will not be published.