আজি ২০ আগষ্ট

➡️আজি সদ্ভাৱনা দিৱস।
➡️১৮৯৭ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী ছাৰ ৰ’নাল্ড ৰছে আৱিষ্কাৰ কৰিছিল যে মেলেৰিয়া ৰোগৰ জীৱাণু মহৰ দ্বাৰা সংক্ৰামিত হয়।
➡️ইটালীৰ কবি ছালভাটোৰ কোৱাশ্বিমোডোৰ জন্ম হৈছিল ১৯০১ চনৰ আজিৰ দিনটোতে। ১৯৫৯ চনত তেওঁ সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল।
➡️১৮২৮ চনৰ ২০ আগষ্টত কলকাতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিল ।
➡️১৯৪৪ চনৰ ২০ আগষ্টত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম হৈছিল।
➡️১৯৭৯ চনৰ আজিৰ দিনটোতে মাত্ৰ ২৩ দিন প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ অন্তত প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙে পদত্যাগ কৰিছিল। অৱশ্যে ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈকে তেওঁ তদাৰকী প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️ৰাজীৱ গান্ধী হত্যাৰ প্ৰধান ষড়যন্ত্ৰকাৰী তামিল উগ্ৰপন্থী শিৱৰাসৰণ আৰু তেওঁৰ সংগী শুভাই পুলিচৰ হাতত ধৰা পৰাৰ আগেয়েই আত্মহত্যা কৰিছিল ১৯৭৯ ৰ ২০ আগষ্টত।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে এষ্টোনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰিছিল।
➡️নেপালী, কংকনী আৰু মণিপুৰী ভাষাক ভাৰতৰ সংবিধানে স্বীকৃতি প্ৰদান কৰিছিল ১৯৯২ চনৰ ২০ আগষ্টত।
➡️১৯৯৮ চনৰ আজিৰ দিনটোতে উত্তৰাঞ্চল (বৰ্তমানৰ উত্তৰাখণ্ড), ছত্তীশগড় আৰু ঝাৰখণ্ড নামৰ তিনিখন নতুন ৰাজ্য গঠনৰ ঘোষণা কৰা হৈছিল।
➡️২০০৩ চনৰ ২০ আগষ্টত চিত্ৰশিল্পী শোভা ব্ৰহ্ম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি নিৰ্বাচিত হৈছিল।
➡️১৭৭৯ চনৰ আজিৰ দিনটোতে ছুইডেনৰ বিজ্ঞানী জন্‌ছ জেকব বাৰ্জেলিয়াছৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.